![]()
ভূমিকম্পই (Earthquake) বিধ্বস্ত কৰা তুৰস্কত (Turkey) উদ্ধাৰকাৰ্যৰ বাবে ভাৰতৰ পৰা ৰাওনা হৈছে উদ্ধাৰকাৰী দলৰ প্ৰথমটো গোট। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (National Disaster Response Force) লগত সাহায্য সামগ্ৰী, ঔষধ আৰু চিকিৎসা সঁজুলি। বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল এটাও লোৱা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে (Arindam Bagchi) মঙলবাৰে উদ্ধাৰকাৰী দলটো তুৰস্কলৈ যোৱাৰ কথা ঘোষণা কৰে।সোমবাৰে তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত তিনিটা প্ৰবল ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ বাসিন্দাৰ মৃত্যু হয়। বহু ঘৰ তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ আছে। এই প্ৰতিবেদন পৰ্যন্ত মৃত্যুৰ সংখ্যা ৪ হাজাৰ অতিক্ৰম কৰিছে। ১৫ হাজাৰ লোক আহত হয়। হতাহতৰ সংখ্যা বহুগুণ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
তুৰস্ক আৰু ছিৰিয়াৰ এই দুৰ্যোগত ভাৰতে দুয়োখন দেশৰ লগত থিয় দিছে। সোমবাৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে (Recep Tayyip Erdoğan) কৰা এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) টুইটযোগে দুৰ্যোগৰ বলি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, “শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক। তুৰস্কৰ এই ভূমিকম্পই অপূৰণীয় ক্ষতিসাধন কৰিলে। এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে তুৰস্কৰ কাষত থিয় দিবলৈ সাজু।”
প্ৰধানমন্ত্ৰীৰ এই টুইটৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে তুৰস্কত উদ্ধাৰ আৰু অনুসন্ধান অভিযানৰ বাবে সাহায্য সামগ্ৰীসহ তৎকালীনভাৱে এটা দল প্ৰেৰণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মঙলবাৰে ভাৰতীয় উদ্ধাৰকাৰী দলটোৱে ড্ৰিলিং মেচিনকে ধৰি প্ৰয়োজনীয় সা-সৰঞ্জাম লৈ ৰাওনা হয়।











