![]()
অসম গ্ৰন্থমেলা (Assam Book Fair), ডিফু (Diphu)ত পৰিলক্ষিত হৈছে গ্ৰন্থপ্ৰেমীৰ আশাব্যঞ্জক ভিৰ৷ কিতাপ বিক্ৰীৰ হাৰো আশাব্যঞ্জক হৈছে ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং (Karbi Anglong) জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি বিয়লি ১ বজাত সাহিত্যিক বসন্ত দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় “লোক পৰম্পৰা চৰ্চা আৰু গ্ৰন্থ প্ৰণয়ন” শীৰ্ষক এখনি আলোচনা সত্ৰ ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক-ঔপন্যাসিক দিলীপ চন্দনে ৷
তেওঁ বিষয় প্ৰসংগত কয়-“লোক পৰম্পৰা-সংস্কৃতিয়ে সমাজখনক সমৃদ্ধ কৰি ৰাখে ৷ লোক-জীৱনৰ পৰম্পৰাই সভ্যতাৰ আধাৰ ৷ লোক পৰম্পৰাৰে অসমখন ঐশ্বৰ্যশালী ৷ গতিকে এই বিষয়ে সত্যাশ্ৰয়ী গৱেষণাৰ জৰিয়তে গ্ৰন্থ প্ৰণয়ন হ’লে সকলো উপকৃত হ’ব ৷”
ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে লেখিকা, ডিফু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° মনালিছা ৰংপিপীয়ে ৷ তেওঁ কয় যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক পৰম্পৰাক লৈ বিভিন্ন গ্ৰন্থ প্ৰণয়ন হৈছে ৷ লোক পৰম্পৰাই সাহিত্যত ঠাই পোৱাৰ উপৰি এই বিষয়ক ইতিহাসৰ তথ্য সমৃদ্ধ গ্ৰন্থও প্ৰকাশিত হৈছে ৷ কিন্ত এয়া এতিয়াও আংশিক পৰ্যায়তে আছে ৷ এই বিষয়ে পৰিপূৰ্ণ গ্ৰন্থৰ প্ৰয়োজন আছে ৷
আন এগৰাকী আলোচক অতিথি, লেখিকা, ডিফু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা গীতা হাঞ্চেপীয়ে উল্লেখ কৰে যে অসমৰ জাতি-জনগোষ্ঠীৰ লোক পৰম্পৰাক লৈ গভীৰ গৱেষণা অতি জৰুৰী ৷ এনে গৱেষণাৰ জৰিয়তে গ্ৰন্থ প্ৰণয়ন হোৱাটো জৰুৰী ৷

একেদৰে আলোচক অতিথি, লেখক, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱাৰ মতে এনে এটা বিষয়কলৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰি অসম প্ৰকাশন পৰিষদে আশাৰ বতৰা কঢ়িয়াইছে ৷ লোক পৰম্পৰা এটা বিশাল বিষয় ৷ জ্ঞান চৰ্চাৰ প্ৰক্ৰিয়াও লোক পৰম্পৰা ৷লোক পৰম্পৰাই অলিখিত ৰূপত সমাজখনক ৰীতি নীতিৰে বান্ধি ৰাখে ৷ ইয়াত জ্ঞানৰ আকৰ আছে ৷ এই বিষয়ে পূৰ্ণাংগৰূপত গৱেষণা হ’লে আমাৰ লোক সমাজখনো সম্পূৰ্ণৰূপে উঠি আহিব ৷ এয়া গ্ৰন্থৰ জৰিয়তেই সম্ভৱ ৷ লোক পৰম্পৰাৰ সন্ধান মানেই হ’ল শিপাৰ সন্ধান ৷
ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট লেখক ভৱেন কোঁচে কয় যে যি উপাদানে এটা জাতিক একত্ৰিত কৰি ৰাখে সেয়াই লোকসংস্কৃতি ৷ লোক পৰম্পৰা হৈছে একধৰণৰ জনজাতীয় সামাজিক সংবিধান ৷ লোক পৰম্পৰাৰ পৰাই এই সমাজৰ নীতি নিয়ম উদ্ভাৱন হয় ৷ এই বিষয়ে নিশ্চয় গ্ৰন্থ প্ৰণয়ন কৰিব পাৰি ৷ এই গ্ৰন্থ সাহিত্যৰো হ’ব পাৰে অন্য সামাজিক বিষয়ৰো হ’ব পাৰে৷
ইয়াত অংশগ্ৰহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপদেষ্টা ক্ষীৰোদ কুমাৰ গোস্বামীয়ে ৷ তেওঁ কয় যে পুথি প্ৰকাশো এতিয়া এক পৰম্পৰাত পৰিণত হৈছে ৷ আচলতে এনেদৰেই গঢ়ি উঠা পৰম্পৰাই সমাজখনক সমৃদ্ধ কৰে ৷ তেওঁ প্ৰসংগক্ৰমে বসন্ত দাসৰ বহুল জনপ্ৰিয় “জংছন” উপন্যাসে এই বৰ্ষত অৰ্ধশতিকা অতিক্ৰম কৰা বুলি উল্লেখ কৰি প্ৰয়াত সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ অনুষ্ঠানটিত বিশিষ্ট লেখক চিকাৰী টিছ’, কবি ছাৰএৎ হাঞ্চে , লেখক-সাংবাদিক সঞ্জু বৰা, লেখক ভব প্ৰসাদ দেউৰী আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে ৷












