
যোৱা বৃহস্পতিবাৰে খটখটী (Khatkhati) থানা এলেকাত এটি পুৰুষলোকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ (Body recovered) হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটিৰ গৌতম বস্থিৰ (Gautam Basthi of Khatkhati) 39নং ৰাষ্ট্রীয় ঘাইপথৰ কাষৰ এটা পাৰ্কিংৰ সমীপত উদ্ধাৰ হৈছিল মৃতদেহটো ৷

মৃতদেহটো খটখটি আৰক্ষীয়ে উদ্ধাৰ কৰি দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ (Sent to Diphu) কৰিছে বুলি জানিব পৰা গৈছে ৷
বৰ্তমানলৈকে লোকজনৰ চিনাক্তকৰণৰ বাবে সক্ষম হোৱা নাই খটখটি আৰক্ষী। সেয়ে অচিনাক্ত লোকজনৰ মৃতদেহটো উদ্ধাৰ হোৱা দিনৰ পৰা ৭২ ঘণ্টাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে৷













