ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam Book Fair I ২০ লক্ষ্যাধিক বিক্ৰিৰে অসম গ্ৰন্থমেলাৰ সফল সামৰণি ,মানসিক সুস্বাস্থ্যৰ বাবে গ্ৰন্থই হৈছে একমাত্ৰ পথঃ অনুৰাধা শৰ্মা পূজাৰী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 12, 2023
Reading Time: 1 min read
A A
0
Assam Book Fair I ২০ লক্ষ্যাধিক  বিক্ৰিৰে  অসম গ্ৰন্থমেলাৰ সফল সামৰণি ,মানসিক সুস্বাস্থ্যৰ বাবে গ্ৰন্থই হৈছে একমাত্ৰ পথঃ অনুৰাধা শৰ্মা পূজাৰী

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

ডিফু, ১২ ফেব্ৰুৱাৰীঃ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা(Karbi Anglong) প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থেমেলা, ডিফুৰ(Assam Book Fair) আজি সফল সামৰণি পৰে ৷

গ্ৰন্থমেলা
Assam Book Fair,Diphu:

যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ কাৰ্যসূচীত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ তেওঁ ভাষণত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলাৰ আয়োজন কৰি এক আস্থাশীল বৌদ্ধিক আৰু বিদ্যায়তনিক পৰিৱেশ গঢ়ি তোলাৰ শুভবাৰ্তা কঢ়িয়াইছে৷

40980b98 309a 44c6 8e73 d02b1265b7f3 | ASSAM TIMES POST১৪ বছৰৰ মূৰত ডিফুত এখন গ্ৰন্থমেলা আয়োজন কৰাটো মহত্ত্বপূৰ্ণ ৷ বৰ্তমানৰ সমাজত শিক্ষা মানেই হৈছে নম্বৰ , এটা ভাল চাকৰি পোৱা , এটা ভাল ঘৰ সজা— এনে ব্যক্তিবাদী চিন্তাই সকলোকে আচ্ছন্ন কৰি ৰাখিছে ৷ কিন্তু এয়াইনে জ্ঞান অৰ্জন বা প্ৰজ্ঞাৰ সাধনা ? এনে ভোগবাদী দৰ্শনৰ বিপুল উত্থানৰ সময়ত যেন মানুহ ক্ৰমশঃ ভাগৰুৱা হ’বলৈ আৰম্ভ কৰিছে ৷ কাৰণ ভোগৰ শেষ নাই ৷

c95280fb ad7b 48af 93c0 461a5e90a155 | ASSAM TIMES POSTকিন্তু যিসকলে গ্ৰন্থক জীৱনৰ সহচৰ কৰি লৈছে , অধ্যয়ন আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হৈছে তেওঁলোকে কেতিয়াও হতাশ নহয় ৷ গ্ৰন্থ হৈছে এখন স্বচ্ছ আইনা ; য’ত আমাৰ আত্মাৰ দৰ্শন হয় ৷ মানসিক সুস্বাস্থ্যৰ বাবে গ্ৰন্থই হৈছে একমাত্ৰ পথ ৷গ্ৰন্থ সংস্কৃতিয়ে সমাজ-জীৱনকো সুন্দৰ পথ নিৰ্দেশনা দিয়ে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক ভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰি আমাৰ মনত গভীৰ আশাবাদ পোষণ কৰিছে ৷

এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক-গৱেষক ড° প্ৰদীপজ্যোতি মহন্তই ৷ তেওঁ কয়—“ কাৰবি আংলঙৰ বৰেৰহণীয়া সাংস্কৃতিক পৰিৱেশত অসম গ্ৰন্থমেলাৰ আয়োজন ভাবিলেই ভাল লগা কথা ৷ অসমৰ সাংস্কৃতিক সৌধলৈ কাৰবি আংলঙৰ অৱদান অতুলনীয় ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসমত গ্ৰন্থ সংস্কৃতিৰ পৰম্পৰা গঢ়িবলৈ কৰা প্ৰয়াস অতি আনন্দদায়ক ৷

গ্ৰন্থত এখন সমাজৰ, কোনো এটি জনগোষ্ঠী বা জাতিৰ, কোনো এক সভ্যতা-সংস্কৃতিৰ ইতিহাস নিহিত হৈ থাকে ৷ সেয়েহে যিবোৰ জাতি-জনগোষ্ঠীৰ বৰ্ণিল জীৱনগাথা সেই জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত ভাষাত গ্ৰন্থৰ মাজেৰে ছপা ৰূপত প্ৰকাশ হোৱা নাই ; সেই ভাষাৰ গ্ৰন্থ প্ৰকাশত যত্নপৰ হোৱাটো অতীৱ প্ৰয়োজনীয় ৷ অন্যথা ভাষা হেৰাই যাব পাৰে ৷ গ্ৰন্থই কিন্তু এনে শংকা নুই কৰে ৷ অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গ্ৰন্থ প্ৰকাশ হোৱাটো আশাৰ বতৰা ৷

” লোক-জীৱনৰ সংস্কৃতি-পৰম্পৰা, প্ৰচলিত গীত-মাত, সাধুকথা আদিক যি উৎসৰ পৰাই পাৰি তাৰ পৰাই সংগ্ৰহ আৰু সংৰক্ষণ কৰিবলৈ নথিভুক্ত কৰি গ্ৰন্থৰ ৰূপ দিবলৈ আহ্বান জনায় ড° মহন্তই ৷ আন এগৰাকী বিশিষ্ট অতিথি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ডিফুত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁ লগতে কয় যে গ্ৰন্থই মানুহক নজনা জগতৰ সন্ধান দিয়ে ,মানুহক উদাৰতাৰে সমৃদ্ধ কৰে ৷

গ্ৰন্থ নথকা সমাজৰ আচলতে একোৱেই নাথাকে ৷ কাৰবি সমাজ কিন্তু এই ক্ষেত্ৰত সমৃদ্ধ ৷ কাৰবি ৰামায়ণ “চাবিন আলুন”ৰ জৰিয়তে প্ৰমাণ পাব পাৰি এই ভাষা যে অতি চহকী ৷ গতিকে কাৰবি ভাষাত উন্নত সাহিত্য সৃষ্টি হোৱাটো সম্ভৱ ৷ কাৰবি সমাজৰ বাৰেৰহণীয়া সংস্কৃতি , ইয়াৰ প্ৰচলিত গীতি সাহিত্য , সাধুকথা আদিৰ বিষয়ে গৱেষণামূলক অধ্যয়ন হ’লে বহুত সমৃদ্ধ সাহিত্য সৃষ্টি হ’ব পাৰে ৷

ডিফুত গ্ৰন্থমেলাৰ আয়োজন কৰি পুথি অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত এক মাত্ৰা প্ৰদান কৰা বুলি আশা কৰিব পাৰি ৷ কিতাপ ৰচনা কৰা আৰু পঢ়াৰ পৰম্পৰাই সকলো জাতিকে সমৃদ্ধ কৰে ৷ এই কথা সকলোৰে পাথেয় হোৱা উচিত ৷ “মোৰ মাতৃভাষা কাৰবি কিন্তু ৰাজ্যভাষা অসমীয়া ৷ আমি অসমীয়া মাধ্যমতে পঢ়াশুনা কৰা ৷ নিজৰ ভাষাটো শুদ্ধকৈ লিখা , পঢ়া আৰু কোৱা দৰকাৰ ৷ নিজৰ ভাষাটো শুদ্ধকৈ ক’ব নোৱৰাটো লাজৰ কথা ৷”—- এইবুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ধনেশ্বৰ ইংতিয়ে ৷

একেদৰে বিশিষ্ট অতিথি, কাৰবি লামেত আমেইৰ সভাপতি বাৰিম ইংতিয়ে কয় যে ডিফুত অসম গ্ৰন্থমেলা আয়োজন কৰাটো অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপ ৷ অলিখিতৰূপত সাহিত্য আমাৰ জনসমাজত প্ৰচলিত হৈ থাকে ৷ এইবোৰ বহুত উন্নত পৰ্যায়ৰ সাহিত্য ৷ কাৰবি জন-জীৱনৰ এনে বিভিন্ন সাহিত্যক গ্ৰন্থৰ ৰূপ দিয়া হৈছে আৰু বহুতো প্ৰকাশ নোহোৱাকৈ আছে ৷ এইবোৰ প্ৰকাশ আৰু অনুবাদৰ ব্যৱস্থা হ’লে কাৰবি ভাষা-সাহিত্যও সমৃদ্ধ হ’ব ৷

কাৰবি লামেত আমেইয়ে ইয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইন্টাৰনেটৰ যুগত নতুন প্ৰজন্ম গ্ৰন্থ-বিমুখ হোৱা বুলি চৰ্চিত হোৱাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাই নিশ্চয় তৰুণ প্ৰজন্মক সঠিক বাট দেখুৱাব ৷অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণী ভাষণ দিয়া সামৰণি অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়েও অংশগ্ৰহণ কৰে৷

আনহাতে গ্ৰন্থমেলাত বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক উপস্থিত বিশিষ্ট অতিথি সকলে বঁটা বিতৰণ কৰে৷আজিৰ সামৰণি অনুষ্ঠান আৰু সন্ধিয়াৰ মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে ৷

Tags: অসম গ্ৰন্থমেলা ডিফু
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx