![]()
নিশাটো পুৱালেই মেঘালয়ত বিধানসভা নিৰ্বাচন (Meghalaya Election)। তাৰ আগতে নিৰ্বাচন বিষয়াৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। দেওবাৰে পশ্চিম গাৰো পাহাৰ জিলাত সংঘটিত গাড়ী দুৰ্ঘটনাত এজন ভোটগ্ৰহণ বিষয়াৰ মৃত্যু হয়। আন কেইবাজনো কৰ্মী আৰু নিৰাপত্তাৰক্ষী সামান্য আহত হয়।

এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে মুখ্য নিৰ্বাচনী বিষয়া (চি ই অʼ) এফ আৰ খাৰকাংগৰে (F R kharkongor) । গাড়ীৰে জাংৰাপাৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ আছিল ভোটগ্ৰহণ কৰ্মীসকল। সেই সময়ত তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাৰ সন্মুখীন হয়। গাড়ীখন বাগৰি পৰে।
মৃত পোলিং বিষয়াজনৰ নাম চেছাম মৰাক। মূৰত আঘাত পায় তেওঁ। লগে লগে তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। সেই গাড়ীখনত আন কেইজনমান নিৰ্বাচন কৰ্মী আৰু নিৰাপত্তাৰক্ষী আছিল। লগতে তেওঁলোকো সামান্য আঘাতপ্ৰাপ্ত হয়। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।
গাড়ীত ইভিএম (EVM) ৰখা হৈছিল। আৰক্ষীয়ে জনোৱা মতে সেইবোৰ সুৰক্ষিত। ইভিএমসমূহ উদ্ধাৰ কৰি নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ যোৱা হৈছে। ভোটগ্ৰহণ বিষয়াগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। তেওঁৰ পৰিয়ালৰ বাবে ১৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে।













