![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : তৃতীয় বাৰৰ বাবে পাৰ্বত্য জিলা কাৰবি আংলঙৰ পৰা চিপিআই(এমএল) CPI(ML) কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হৈছে ৰবি কুমাৰ ফাংচ’ আৰু প্ৰতীমা ইংহিপী ৷যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা চিপিআই(এমএল)ৰ ১১ সংখ্যক মহা অধিৱেশনত নিৰ্বাচিত হৈছে নেতা দুগৰাকী ৷

চিপিআই(এমএল) হিলছ পাৰ্টীৰ পৰা ৫২ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে নেতা গৰাকীয়ে ৷ দেশ -বিদেশৰ অতিথিৰ উপস্থিতিত বামপন্থী, গণতান্ত্ৰিক শক্তি, নেতা-সংগঠন সমূহে শাসনাধীষ্ট বিজেপিৰ ফেচীবাদী শক্তিক ঐক্যৱদ্ধভাৱে নিৰ্মুল কৰাৰ বাবে ঐক্যমত পোষণ কৰিছে বুলি কয় ৷ ইউক্ৰেইন, নেপাল আৰু বাংলাদেশৰ পৰাও প্ৰতিনিধিয়ে উক্ত ৰেলীত অংশ গ্ৰহণ কৰিছিল বুলিও কয় ৷
১৮ ফেব্ৰুৱাৰীত জেডিইউ,আৰজেডি, চিপিআই, চিপিএম, ফৰৱাৰ্ড ব্লক আৰএছপি আৰু কংগ্ৰেছকে ধৰি ৮ টা দলৰ এক চেমিনাৰ অনুষ্ঠিত হয় ৷ উক্ত চেমিনাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ যাদৱ, উপমুখ্যমন্ত্ৰী তেজশ্বী যাদৱ কংগ্ৰেছ নেতা ছলমান খুৰশীদৰ উপস্থিতিত ‘মহা গঠবন্ধন ‘ গঠন কৰা হয় বুলি জানিব দিয়ে ফাংচ’ই ৷ ২০ ফেব্ৰুৱাৰীৰ মহা অধিৱেশনখনৰ অন্তিমটো কাৰ্যসূচীত গণতান্ত্ৰিক ভাৱে দিপাংকৰ ভট্টাচাৰ্যীক চিপিআই(এমএল)ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰি ৭৭ জনীয়া সমিতিখনৰ পুণৰ গঠন কৰা হয় ৷
উক্ত সমিতিত কাৰবি আংলঙৰ পৰা ৰবি কুমাৰ ফাংচ’ আৰু প্ৰতিমা ইংহিপী নিৰ্বাচিত হয় বুলি জানিবলৈ দিয়ে ৷ অন্তিম দিনৰ কাৰ্যসুচীত তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং, পশ্ছিম কাৰবি আংলং আৰু ডিমা হাছাওক সামৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ ২৪৪ (ক) অনুশ্ছেদ অনুসৰি এখন স্বায়ত্তৰাজ্য আৰু পাৰ্বত্য জিলা তিনিখনৰ জলবায়ু, পৰিৱেশ-পৰিপাৰ্শিকতাৰ পৰিৱৰ্তন আৰু বিভিন্ন অভাৱ-অভিযোগৰ কথা উত্থাপন কৰ্ হয় বুলি জানিবলৈ দিয়ে ৰবি কুমাৰ ফাংচ’ৱে ৷ আৰু দুয়োটা বিষয় কেন্দ্ৰীয় সমিতিয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷













