![]()
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council)১২ নং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা লৰিংথেপীস্থিত বৰছিং ৰংহাং সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অসম চৰকাৰ মূখ্যমন্ত্ৰী সাহাৰ্য্য পূঁজি চমুকৈ CMRF আচঁনিৰ অধিনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নমাটি, হাওৰাঘাট , ফুলনি, লাংহিন, মহামায়া আৰু কৰকাণ্ঠি সমষ্টিৰ অন্তৰ্গত থকা বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি থকা মুঠ ২৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঁচ হাজাৰ টকাৰ এককালিন সাহাৰ্য্য চেক প্ৰদান কৰা হয়।

ফুলনি মণ্ডল বিজেপি সমিতিৰ সভাপতি নৰেন বে’ পৰিচালনাত অনুষ্ঠিত হোৱা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যাৰ ভাষণ প্ৰদান তিলক ছেত্ৰীয়ে।উক্ত সভাত ১৮ নং হাওৰাঘাটৰ বিধান সভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে মূখ্য অতিথি হিচাবে উপস্থিত থাকি মূখ্যমন্ত্ৰী সাহাৰ্য্য পূঁজি আচঁনিৰ এককালিন সাহাৰ্য্যৰ চেক প্ৰদান কৰে ।
উক্ত অনুষ্ঠানতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে, কাৰ্য্যবাহী সদস্য কাংবুৰা কিলিং আদি কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল উপস্থিত থাকে।













