![]()
ছাইদুল ইছলাম, ডিফু : সমগ্ৰ ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী(Temporary electric employees) সকলে পালন কৰা ১২ ঘণ্টীয়া কৰ্মবিৰতি আজি ডিফুতো পালন কৰে কাঞ্চৰ অস্থায়ী কৰ্মচাৰী সকলে ৷পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১১ টা দাবী পূৰণৰ দাবীত ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে হাতে হাতে প্লে’কাৰ্ড প্ৰদৰ্শন কৰে অস্থায়ী কৰ্মচাৰী সকলে ৷

ইপিনে, অস্থায়ী কৰ্মচাৰী সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাৰ সময়ত এগৰাকী মহিলা কৰ্মচাৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰি কয়যে– শিক্ষক সকলৰ লগতে আন বহু বিভাগৰ কৰ্মচাৰী সকলক আপুনি নিয়মীয়াকৰণৰ লগতে ফিক্সড পে’ৰ ব্যৱস্থা কৰি দিছে ৷
ইয়াৰ বিপৰীতে আমি চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম উৎসৰূপে পৰিগণিত হোৱা কৰ্মচাৰী হোৱা স্বত্বেও আপুনি আমাক আজিলৈকে উপেক্ষিত কৰি ৰাখিছে ৷ ৰাজহ সংগ্ৰহৰ বাবে আমি মানুহৰ ঘৰে ঘৰে গৈ মিটাৰ ৰিডিং লৈ ৰ’দে-বৰষুণে ঘূৰি ফুৰিব লগা হয় যদিও আমাৰ প্ৰাপ্য তেনেই নগণ্য ৷ প্ৰতি ঘৰত মিটাৰত আমি ৮ টকাকে লাভ কৰো ৷ তেনেস্থলত আমি মাহে ইমান কষ্ট কৰাৰ পিছতো ৫ হাজাৰ টকাতকৈ অধিক লাভ কৰিবলৈ সক্ষম নহও ৷
মিটাৰৰুল পৰ্যন্ত আমি নিজেই কিনি লবলৈ কেতিয়াবা বাধ্য হও ৷ নিয়মীয়াকৰণৰ লগতে চৰকাৰে লোৱা ব্যক্তিগত কৰণৰ পদক্ষেপ প্ৰত্যাহাৰ কৰা আদি কৰি ১১ টা দাবী পূৰণ নকৰিলে মহিলা কৰ্মচাৰী গৰাকীয়ে আত্মজাহ যোৱাৰো হুংকাৰ প্ৰদান কৰে ৷৷ আনহাতে ডিফুৰ লগতে আজি হাওৰাঘাটস্থিত এপিডিচিএল কাৰ্যালয়তো অস্থায়ী কৰ্মচাৰূ সকলে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷













