![]()
পাহাৰীয়া জিলা কাৰবি আংলঙত জনসাধাৰণৰ নিৰাপত্তাৰ বাবে নিয়োজিত ২০ বিএন চিআৰপিএফে(20 BN CRPF) সাধাৰণ জনতাৰ সৈতে সৌহাৰ্দমূলক আৰু বন্ধুত্ব সুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে ৷

তাৰে অংশ স্বৰূপে আজি বিয়লিৰ ভাগত কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৰ ৰংচিথিম গাঁৱত বিৰলাস্থিত ২০ বিএন চিআৰপিএফে এলেকাটোৰ সহায়ক হোৱাকৈ এটা শৌচাগাৰ ব্লকৰ শুভ উদ্ধোধন কৰে ৷ ২০ বিএন চিআৰপিএফ আৰু চিআৰপিএফৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু স্থানীয় গাওঁবুঢ়া লগতে ৰাইজৰ উপস্থিতিত শৌচাগাৰৰ শুভ উদ্ধোধন কৰে জিলা ১৯ নং ডিফু বিধান সভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙে ৷
ভাষণ প্ৰসংগত ২০ বিএন চিআৰপিএফৰ দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজে কয়যে, চিআৰপিএফে সদায় ৰাইজৰ বুনিয়াদী অভাৱ- অভিযোগৰ প্ৰতি সন্মান জনাই আহিছে ৷জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ অধীনত জিৰণি চৰা, বজাৰ অপেক্ষা চ’ৰা, টিউবৱেল, ছ’লাৰ লাইট, খোৱাপানীৰ ব্যৱস্থাৰ বাবে পানী টেংকি, স্বাস্থ্য শিৱিৰ আদিৰ ব্যৱস্থা কৰি আহিছে ৷
আজি ৰংচিথিমত ৰাইজৰ সুবিধাৰ্থে এই শৌছাগাৰৰ ব্যৱস্থা কৰা হৈছে ৷আনহাতে জিলা বিধায়ক বিদ্যাছিং ইংলেঙে বহুমূলীয়া ভাষণ প্ৰসংগত কয়যে, সাধাৰণ ৰাইজৰ প্ৰতি দেখুৱা সহানুভূতি আৰু জন কল্যাণমূলক সেৱাৰ বাবে চিআৰপিএফ প্ৰসংসাৰ যোগ্য ৷ চিআৰপিএফক পূৰ্বতে দেখি ভয় কৰা গাওঁবাসীৰ এতিয়া ভয় শংকাৰ কাৰণ নাই ৷ কাৰণ চিআৰপিএফ এতিয়া গাঁৱত ৰাইজৰ সৈতে মিলি বন্ধু হৈ পৰিছে ৷
বিধায়ক গৰাকীয়ে স্থানীয় ৰাইজৰ দাবীত ৰংচিথিম গাওঁ উন্নয়ন সমিতিৰ বাবে তিনি লাখ টকাৰ অনুদান দিয়াৰো আশ্বাস প্ৰদান কৰে ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় শিশু, আৰু মহিলা সকলৰ দ্বাৰা পৰিৱেশিত নৃত্য, গীতে সকলোকে আপ্লুত কৰে ৷ ২০ বিএন চিআৰপিএফৰ এনে জনকল্যাণমূলক কামৰ বাবে ৰাইজে উচ্চ প্ৰশংসা কৰিছে ৷













