![]()
ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু : কাৰবি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী , লেখিকা তথা সমাজকৰ্মী সাবিত্ৰী গগৈৰ এখন অভিনন্দন গ্ৰন্থ আজি ডিফু ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয় ৷ স্বৰ্ণালী গগৈয়ে সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে কয় যে ডিফু হ’ল সৃষ্টিশীল স্হান ৷

ইয়াৰ প্ৰকৃতি , ইয়াৰ বায়ু-পানী, ইয়াৰ জনগোষ্ঠীয় বৈচিত্ৰ্যই মানুহৰ মনবোৰ সৃষ্টিশীল কৰি ৰাখে ৷ জীপাল কৰি ৰাখে ৷ সাবিত্ৰী গগৈ আৰু প্ৰয়াত দেবেন গগৈয়ে আজীৱন ছাত্ৰছাত্ৰীক শিক্ষাদান কৰাৰ লগতে সমাজৰ বিভিন্ন দায়িত্ব লৈ জাতীয় জীৱনলৈ অবদান আগবঢ়াইছে ৷ সৃষ্টিশীলতাৰ উৎস থকা ডিফুত থাকি সেয়ে সাবিত্ৰী গগৈয়ে বিভিন্ন গ্ৰন্থ প্ৰণয়ন কৰিছে ৷ আমি মানুহক জীৱন কালত স্বীকৃতি নিদি মৃত্যুৰ পিছত সোঁৱৰণি গ্ৰন্থ প্ৰকাশ কৰো ৷
আমি সেই পৰম্পৰাৰ পৰা আতঁৰি জীৱন কালতে অভিনন্দন গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছো ৷ তাৰে অংশস্বৰূপে আজি স্বৰ্ণালীয়ে সম্পাদনা কৰি উলিয়াইছে এইখন সুন্দৰ গ্ৰন্থ ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদ্য প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত , লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতি কুৰ্মীয়ে কয় যে মানুহৰ জীৱন কালত স্বীকৃতি বৰ প্ৰয়োজন ৷
এনে স্বীকৃতিয়ে মানুহক কাম কৰাৰ প্ৰেৰণা দিয়ে ৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱী হৃদয়ানন্দ শৰ্মাই সাবিত্ৰী গগৈৰ ডিফুৰ সমাজ জীৱনলৈ অৱদানৰ কথা বিস্তৃত ভাবে ব্যাখ্যা কৰে ৷ অভিনন্দিত লেখিকা সাবিত্ৰী গগৈয়ে নিজৰ ভাষণত কয় যে মই সমাজৰ কাৰণে কি কৰিছো নাজানো ৷ সামৰ্থ্য অনুসৰি লেখিকা সমাৰোহ সমিতিৰ লগতে আন অনুষ্ঠানৰ কাম কৰি গৈছো ।
তাৰ বাবে আজি আপোনালোকে মোক যি মৰম আৰু আৰ্শীবাদ দিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত আজীৱন ঋণী হৈ থাকিম ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী শশী প্ৰভা দেৱী , সাংগঠনিক সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া প্ৰমুখ্যে ডিফুৰ বৌদ্ধিক মহল উপস্থিত থকা সভাখনত ডিফু , বকলীয়া , ধনশিৰি আদি লেখিকা সমাৰোহ সমিতিৰ শাখা আৰু সাবিত্ৰী গগৈৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলে তেওঁৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া সকলক সম্বৰ্দ্ধনা জনায় ৷ দিপালী দত্ত , পুতু দেৱী আৰু নৈবেদ্য গগৈৰ বৰগীত আৰু জয়ন্ত হাজৰিকাৰ গীতে উন্মোচনী সভাৰ সৌষ্ঠব বৃদ্ধি কৰে ৷













