![]()
গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) এক ঐতিহাসিক ৰায়ত ব্যক্তিগত শিক্ষানুষ্ঠান (Private Educational Institutions) সমূহক দৰিদ্ৰতা ৰেখাৰ তলৰ (Bellow Proverty Line)(বিপিএল) শ্ৰেণীৰ ২৫ শতাংশ শিক্ষাৰ্থীক (25% students) বিনামূলীয়া শিক্ষা (Free Education) প্ৰদানৰ নিৰ্দেশ (Instruction) দিছে।

হাইকোৰ্টৰ নিৰ্দেশ, ৰাজ্য চৰকাৰে বিপিএল শিক্ষাৰ্থীসকলে ব্যক্তিগত প্ৰতিষ্ঠানত বিনামূলীয়া শিক্ষা লাভ কৰাটো নিশ্চিত কৰিব লাগিব।
হাইকোৰ্টৰ এই ৰায়টোক বৌদ্ধিক মহলে প্ৰশংসা কৰিছে।তেওঁলোকৰ মত, ইয়াৰ দ্বাৰা সকলোৰে বাবে শিক্ষাৰ সমান প্ৰৱেশাধিকাৰ দাবী কৰাৰ সুবিধা দিব। লগতে ই সুবিধাবঞ্চিত তৃণমূলৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে, যিসকলক পূৰ্বতে তেওঁলোকৰ বিত্তীয় স্থিতিৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰিব পৰা নাছিল।













