![]()
যোৱা ২৭ এপ্ৰিলত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা ডিএনএল উগ্ৰপন্থী সংগঠনৰ(DNLA militants)নেতাসকলক আজি ধনশিৰি উষ্ম আদৰণি জনাই বিভিন্ন দল সংগঠনে। ধনশিৰিৰ এই উপলক্ষে অনুষ্ঠিত সভাত তেওঁলোকে ডিমাচা জনগোষ্ঠীৰ লগতে সকলো জাতি সম্প্ৰদায়ৰ হকে কাম কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে শান্তি চুক্তি অনুসৰি চৰকাৰে ডিমাছা বসতি প্ৰধান এলেকাৰ উন্নয়নৰ বাবে এহেজাৰ কোটি টকাৰ, ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ কাষৰীয়া ডিমাছা বসতি প্ৰধান এলেকাক ডিমা হাছাও জিলাত সংলগ্ন কৰা, ৰাজ্যৰ আন ডিমাচা বসতি প্ৰধান এলেকাক লৈ উন্নয়ন পৰিষদৰ গঠন কৰা, প্ৰাক্তন বিদ্ৰোহীসকলক আৰ্থিক সাহায্য দিয়াৰ লগতে আন্তঃগাথঁনি উন্নয়ন কৰা প্ৰতিশ্ৰুতি দিছে চৰকাৰে।
নতুন দিল্লীৰ পৰা শান্তি চুক্তি কৰি ঘূৰি অহা নেতাসকলক আজি ধনশিৰি ক্ৰিয়া সন্থাৰ প্ৰেক্ষাগৃহত বিভিন্ন দল সংগঠনে আদৰণি জনায়। সংগঠনটোৰ অধ্যক্ষ ইতিকা ডিফুচা আৰু সেনাধ্যক্ষ নাইডিং ডিমাছাই কয় যে সকলো জাতি জনগোষ্ঠীক লগত লৈ তেওঁলোক আগবাঢ়ি যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত গভীৰ আস্থা ৰাখি তেওঁলোকে শান্তি চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰে।
আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সংগঠনটোৰ অধ্যক্ষ ইতিকা ডিফুছাই তেওঁলোকৰ ৰাজনৈতিক উচ্চাকাংক্ষাও প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজনৈতিকভাৱে তেঁওলোকে সাংসদ, বিধায়ক আদিৰ দাবীও উত্থাপন কৰিব যাতে ৰাজনৈতিকভাৱে ডিমাছা জাতিটোক শক্তিশালী ৰূপে আগুৱাই নিয়াৰ লগতে ডিমাছা বসতি প্ৰধান অঞ্চলসমূহৰ উন্নয়ন হয়। এই সংগঠনটোৰ নেতাসকলে এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে কোনটো দলক সমৰ্থন আগবঢ়াই সেইটো লক্ষণীয় হ’ব।













