![]()
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো কেন্দ্ৰীয়ভাবে উদযাপন কৰা আন্তৰ্জাতিক শ্ৰমিক দিৱস(International Labour Day) ৷ এই উপলক্ষে আজি পুৱাৰ ভাগতে ডিফু চহৰৰ মাজমজিয়াত কাৰবি আংলং মটৰ ট্ৰেনসপৰ্ট ৱৰ্কাৰ্চ এণ্ড ড্ৰাইভাৰ ইউনিয়ন আৰু অল কাৰবি আংলং বিল্ডিং এণ্ড আদাৰ্চ কনষ্ট্ৰাকছন ৱৰ্কাৰচ ইউনিয়নে পৃথকে পৃথকে উদযাপন কৰে শ্ৰমিক দিৱসটি ৷

কাৰবি আংলং মটৰ ট্ৰেনসপৰ্ট ৱৰ্কাৰ্চ এণ্ড ড্ৰাইভাৰচ ইউনিয়নৰ সভাপতি আব্দুল নুৰ আৰু অল কাৰবি আংলং বিল্ডিং এণ্ড আদাৰ্চ কনষ্ট্ৰাকচন ৱৰ্কাৰ্ছ ইউনিয়নৰ উপ সভাপতিদ্বয় পিৰতিৰাজা বৰভূঁঞা আৰু জয়ছন হাঞ্চেই শ্ৰমিক দিৱসৰ ৰঙা ৰঙৰ পতাকা উত্তোলন কৰে ৷ আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি কৃষ্ণ ভট্টৰায়ৰ সৈতে সাধাৰণ সম্পাদক আচমত আলী আৰু মচৰ শ্ৰমিক আৰু চালক সন্থাৰ সহকাৰী সম্পাদক জিৎ ছিঙে শ্বহীদ শ্ৰমিক সকলক সোঁৱৰি শ্বহীদ তৰ্পন কাৰ্যসুচী সম্পন্ন কৰে ৷
তেওঁলোকক অনুসৰণ কৰি সমবেত প্ৰায় তিনিশতাধিক শ্ৰমিক আৰু চালকেও শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ শ্ৰমিক আৰু চালক সকলে শ্ৰমিক ঐক্য জিন্দাবাদ, আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰক, শ্ৰমিকৰ ওপৰত পূঁজিপতিৰ হাতুৰা নচলিব, শ্ৰমিকক ওপৰত দাদাগিৰি বন্ধ কৰক, শ্ৰমিকক সন্মান দিয়ক আদি ধ্বনিৰে উত্তাল কৰি তোলে ৷ ইয়াৰো পৰি শ্ৰমিক সকলক লৈ এখনি মুকলি সভাও অনুষ্ঠিত কৰা হয় ৷
এমএচি কৃষ্ণ ভট্টৰায়, উপ সভাপতিদ্বয় প্ৰতিৰাজা বৰভূঁঞা আৰু জয়চান হাঞ্চে লগতে সাধাৰণ সম্পাদক আচমত আলীয়ে শ্ৰমিক সকলৰ ৰক্তৰঞ্জিত ইতিহাসৰ যোগেদি শ্ৰমিক সকলৰ জয় হৈছিল বুলি শ্ৰমিক দিৱসৰ ইতিহাসৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷ আনহাতে শ্ৰমিক সকলে ঐক্যবদ্ধ হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় নেতা সকলে ৷












