![]()
পত্নী পৰকীয়া প্ৰেমত জড়িতৰ সন্দেহত (Alien love doubts) স্বামীয়ে তেওঁৰ ওপৰত অকথ্য অত্যাচাৰ চলায়! মহাৰাষ্ট্ৰৰ পুনেৰ (Pune in Maharashtra) কন্ধৱাত সংঘটিত হয় এই ঘটনা। চাৰিটা সন্তানৰ মাতৃক হাত-ভৰি বান্ধি অত্যাচাৰ চলায় ৪০ বছৰীয়া স্বামীয়ে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৩০ এপ্ৰিলৰ নিশা সংঘটিত হয় এই ঘটনা। পত্নীয়ে কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনে স্বামীয়ে। সেই কথাত তেওঁৰ সন্দেহ হয়। ঘৈণীয়েকক টানি টানি চাৰিটা লʼৰা-ছোৱালীৰ সন্মুখত শোৱাকোঠালৈ লৈ যায়।

তাৰ পিছত হিটাৰেৰে তেওঁৰ যৌনাংগ জ্বলাই দিয়ে (Burns the genitals)। ইয়াৰ পিছত সেই অৱস্থাতে মহিলাগৰাকীক ধৰ্ষণ (Wife raped) কৰে। আনকি তেওঁ পত্নীৰ যৌনাংগত তেলৰ বটল এটাও সুমুৱাই দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইয়াৰ পিছত তেওঁ পত্নীৰ মুখত প্ৰস্ৰাৱ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু প্ৰায় অচেতন অৱস্থাত পেলায় থৈ ওলাই যায়।
এই খবৰ পোৱাৰ পিছতে মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ এতিয়াও চিকিৎসাধীন হৈ আছে। কন্ধৱাৰ আৰক্ষী অধীক্ষকে কয়, “কেৱল সন্দেহৰ ভিত্তিত মানুহজনে পত্নীৰ সৈতে গুৰুতৰ অপৰাধ সংঘটিত কৰিছে বুলি ভবাটো সম্ভৱ নহয়। আমি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছো।”
জানিব পৰা মতে, চাৰিটা সন্তানৰ পিতৃ ৪০ বছৰীয়া ব্যক্তিগৰাকী প্ৰকৃততে লক্ষ্ণৌৰ বাসিন্দা। চাকৰিৰ কাৰণে তেওঁ হয়তো পত্নী আৰু পৰিয়ালৰ সৈতে মহাৰাষ্ট্ৰৰ পুনেত বাস কৰে। আৰক্ষীৰ জিম্মাত আৰু জেৰা অব্যাহত আছে। ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, ধৰ্ষণকে ধৰি একাধিক গোচৰ ৰুজু কৰা হৈছে।












