![]()
মণিপুৰত শেহতীয়াকৈ সংঘটিত হৈ যোৱা হিংসাৰ পৰিপ্ৰেক্ষিতত আচি (Peace & Communal Harmony) বিষয়ত ডিফু থানাত ২৪ জনীয়া এখন সমিতি অনুষ্ঠিত গঠন কৰা হয় ৷ ইন্সপেক্টৰ অচি জেএছ খবুঙে এই সন্দৰ্ভত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা আৰু স্থানীয় জনসাধাৰণৰ মাজত ভুৱা আৰু উৰাবাতৰিৰ বাতৰি প্ৰেৰণৰ লগতে প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ, প্ৰতিটো সম্প্ৰদায়ৰ প্ৰতি শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আলোচনা কৰা হয় ৷

সাধাৰণতে কাৰ্বি আংলং আৰু বিশেষকৈ ডিফু থানা এলেকাত বাস কৰা সকলকলৈ গঠিতি সমিতিখনত বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধি উপস্থিত থাকে। সভাখনৰ সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত এচিএছ বিষয়া এছ থিকে ৷













