![]()
কাশ্মীৰত (Kashmir) অনুষ্ঠিত হʼবলগীয়া জি-২০ সন্মিলনত (G-20 Summit) অংশগ্ৰহণ নকৰে চীন (China) আৰু তুৰস্কই (Turkey) । বন্ধু পাকিস্তানৰ আপত্তিক লৈ চীনে এই সিদ্ধান্ত লৈছে। তুৰস্কই অভিযোগ কৰিছে যে ভাৰতে শেহতীয়াকৈ কাশ্মীৰৰ পৰিস্থিতি সঠিকভাৱে চম্ভালিব পৰা নাই। তাৰ প্ৰতিবাদতেই কাশ্মীৰত অনুষ্ঠিত হʼবলগীয়া সন্মিলনত উপস্থিত নাথাকিব।

২০২০ চনত গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত ভাৰত-চীন সীমান্ত সম্পৰ্ক উত্তপ্ত হৈ পৰিছে। উক্ত ঘটনাত ২০ জন ভাৰতীয় জোৱানৰ মৃত্যু হয়। চীনৰ ফালৰ পৰা নিশাৰ আন্ধাৰত নদী পাৰ কৰিবলৈ গৈ কমেও ৩৮ জন জোৱানৰ (চীন পিপলছ লিবাৰেচন আৰ্মী) মৃত্যু হয়। অৱশ্যে চীনে মানি লʼব বিচৰা নাছিল।
তেওঁলোকে প্ৰথমে কৈছিল যে সংখ্যাটো ৫। কাশ্মীৰত জি-২০ শীৰ্ষ সন্মিলন সন্দৰ্ভত পাকিস্তানৰ কাষত চীন। পাকিস্তানৰ মতে, ভাৰতে কাশ্মীৰত বহি ‘দায়িত্বহীনভাৱে’ কাম কৰি আছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, “অবৈধভাৱে দখল কৰা জম্মু-কাশ্মীৰত ভাৰতৰ শেহতীয়া দায়িত্বহীন কাৰ্য।
” চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দেশত জি-২০ সন্মিলন অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰে জনাইছে যে এই বৈঠক সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অনুষ্ঠিত হʼব। চীন আৰু তুৰস্কৰ স্থিতি জনা গৈছে যদিও ইণ্ডোনেছিয়াৰ সিদ্ধান্তৰ বিষয়ে জানিব পৰা হোৱা নাই। কাশ্মীৰৰ বৈঠকত তেওঁলোক উপস্থিত থাকিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যোৱা বছৰ ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল জি-২০ সন্মিলন।











