![]()
এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বায়ুসেনাৰ এখন হেলিকপ্টাৰ (Helicopter)। জানিব পৰা মতে, হেলিকপ্টাৰখনৰ যাত্ৰীসকলৰ কোনো ক্ষতি হোৱা নাই। সোমবাৰে পুৱা যান্ত্ৰিক বিজুতিৰ বাবে বায়ুসেনাৰ এখন হেলিকপ্টাৰ মাজ আকাশত হঠাতে বিকল হৈ পৰে। জৰুৰীকালীন ভিত্তিত মধ্যপ্ৰদেশৰ ভিন্দত (Bhind in Madhya Pradesh) দ্ৰুতগতিত অৱতৰণ কৰা হয়। তাৰ পিছত বিমানখন পৰিদৰ্শন কৰা হয়। ইয়াৰ পিছত ভুলটো শুধৰোৱাৰ পিছত হেলিকপ্টাৰখন পুনৰ গন্তব্যস্থানৰ ফালে উৰি যায়।

ভাৰতীয় বায়ুসেনাৰ (Indian Air Force) তথ্য অনুসৰি, বায়ুসেনাৰ বিষয়াসকল আপাচি এ এইচ-৬৪ হেলিকপ্টাৰেৰে দৈনিক অনুশীলনৰ বাবে ওলাই গৈছিল। সম্ভাৱ্য পাইলটসকলক প্ৰশিক্ষণ দিয়া হৈছিল। সেই সময়ত পাইলটে হঠাৎ হেলিকপ্টাৰখনত যান্ত্ৰিক বিসংগতি লক্ষ্য কৰিলে। তাৰ পিছত সোনকালে অৱতৰণ কৰাৰ সিদ্ধান্ত লʼলে। পাইলটৰ উপস্থিতি সিদ্ধান্তৰ শলাগ লৈ বায়ুসেনাই কয় যে এক বৃহৎ বিপদৰ পৰা হাত সাৰিব পৰা হৈছে।
পিছত বায়ুসেনাৰ এটা টুইটত হেলিকপ্টাৰখনৰ ভিতৰত থকা সকলো জোৱান নিৰাপদ বুলি জানিব পৰা গৈছে। আপাচি যুদ্ধ বিমান বিশ্বৰ আটাইতকৈ উন্নত প্ৰতি-আক্ৰমণাত্মক হেলিকপ্টাৰ হিচাপে পৰিচিত। ২০২০ চনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বয়িং কোম্পানীৰ সৈতে আৰু ৬খন আপাচি হেলিকপ্টাৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ বাবে চুক্তিবদ্ধ হয়।










