ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰ
অসম চুক্তি উলংঘা কৰা, অবৈধ বাংলাদেশীক ৰক্ষণা বেক্ষণা দিয়া সাম্প্ৰদায়িক অসংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিয়া সিদ্ধান্তৰ বাবে আছুৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অগপৰ মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি শিৱসাগৰৰ ৰাজপথত ফাঁচী কাঠত ওলমাই দিয়াৰ লগতে প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।













