ASSAM TIMES POIST
বোকাখাতঃ অসম চাহ জনগােষ্ঠী সাহিত্য সভা গোলাঘাট জিলা আৰু বোকাখাত শাখাৰ সহযোগ প্রয়াত গণেশ চন্দ্র কুৰ্মীৰ তৃতীয় বার্ষিক মৃত্যু তিথিত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত পুৱা বন্তি প্রজ্বলন অসম চাহ জনগােষ্ঠী সাহিত্য সভা প্রাক্তন কোষাধ্যক্ষ হৰিবোলা কালিন্দীয়ে। গণেশ চন্দ্ৰ কুৰ্মীৰ প্ৰতিচ্ছবিত মাল্য অর্পণ কৰে গােলাঘাট জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি বিজয় শর্মাই। অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ প্রাক্তন উপ সভানেত্রী পদুমী গাজলুয়ে স্মৃতি তর্পন কৰে। অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ বােকাখাত শাখাৰ সভাপতি কুলামন কর্মকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ বোকাখাতৰ সম্পাদক ধনীৰাম কুৰ্মীয়ে।

অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক মাখন লাল বাঢ়ৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিজৰ বক্তব্য প্ৰদান কৰে। অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ ভাৰপ্রাপ্ত সভানেত্রী মনোমতী কুৰ্মী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ প্রধান সম্পাদক মণিষ ঠাকুৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আনহাতে স্মৃতিচাৰণ সভাত অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ প্রাক্তন সভাপতি মাখনলাল বাঢ়ৈ, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, প্ৰয়াস অধ্যয়ন চক্ৰৰ সভানেত্ৰী নিজৰা বৰঠাকুৰ, গোলাঘাট জিলা সাহিত্য সভাৰ উপ সভানেত্ৰী কল্পনা চেতিয়া, বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ প্রাক্তন কোষাধ্যক্ষ গুনীন দাস ,অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলাৰ সম্পাদক বীৰ বাহাদুৰ চেত্ৰী সাক্ষীৰাম মাহাত্ব আদিয়ে গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতি ৰোমন্থন কৰে। সভাত শংকৰ কৰ্মকাৰ, ইনামুল ৰহমান, আনিচুৰ ৰহমান, ভৱানন্দ কলিতা, সুশীল কালিন্দী, পংকজ কালিন্দী, মনোজ কৰ্মকাৰ আদিকে ধৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বিজয় শৰ্মাই ধনীৰাম কুৰ্মীয়ে চাহ জনগোষ্ঠীয় ভাষালৈ অনুবাদ কৰা ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰে। শলাগৰ শৰাই আগবঢ়াই হৰিবোলা কালিন্দীয়ে৷













