![]()
বিমান দুৰ্ঘটনাৰ (Plane Crash) পিছতে তেওঁলোকক মৃত বুলি অনুমান কৰা হয়। কিন্তু সকলোকে আচৰিত কৰি বিমান দুৰ্ঘটনাৰ প্ৰায় ৪০ দিনৰ পিছত সন্ধান পোৱা গ’ল চাৰি শিশুৰ (Four children searched after 40 days)। তাকো আমাজনৰ গভীৰ অৰণ্যত (deep forests of the Amazon)! দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াৰ আমাজন অৰণ্যত বিমান দুৰ্ঘটনাত উদ্ধাৰ হৈছে উইটোটো জনগোষ্ঠীৰ চাৰিটা শিশু। দেশখনৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে নিজেই টুইট কৰি এই খবৰ ঘোষণা কৰে।
কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে এই চাৰিটা শিশুক উদ্ধাৰৰ ঘটনাক “গোটেই দেশখনৰ আনন্দ” বুলি অভিহিত কৰে। একে সময়তে তেওঁ সেই শিশুসকলৰ ছবিও টুইট কৰে। ছবিখনত দেখা গৈছে যে লʼৰা-ছোৱালীকেইটা সামৰিক পোছাক পৰিধান কৰা একাংশ লোকৰ সৈতে গভীৰ অৰণ্যত বহি আছে। জানিব পৰা মতে, তেওঁলোকৰ বয়স ক্ৰমে ১৩, ৯, ৪ আৰু এক বছৰ।

১ মে’ত আমাজনৰ জংঘলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন সৰু যাত্ৰীবাহী বিমান ‘চেছনা ২০৬’। বিমানখনত চাৰিটা সন্তান, মাতৃ আৰু দুজন পাইলট আছিল। অৰণ্যত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত শিশুৰ মাতৃ আৰু পাইলট দুজনৰ মৃতদেহ উদ্ধাৰ হয় যদিও শিশুকেইটা দেখা পোৱা নগʼল। অৱশেষত তেওঁলোকৰ সন্ধান পোৱা গ’ল। শিশুকেইটাৰ ককাক ফিডেনচিঅ’ ভেলেন্সিয়াই এএফপি সংবাদ সংস্থাক জনোৱা মতে, চাৰিওজনক উদ্ধাৰ কৰিবলৈ তেওঁক এখন হেলিকপ্টাৰৰ প্ৰয়োজন। অৱশ্যে চৰকাৰী সূত্ৰই জনোৱা মতে, এই ক্ষেত্ৰত কলম্বিয়া চৰকাৰে উদ্যোগ লৈছে।












