
ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি (FTA) এপ্ৰিল মাহত স্বাক্ষৰিত হৈছিল। কিন্তু তাৰ পিছত চুক্তি কাৰ্যকৰী হোৱা নাই। অৱশ্যে ইয়াৰ কাৰ্যকৰীকৰণৰ দিশত ই এক ডাঙৰ পদক্ষেপ। নিউজীলেণ্ডৰ সংসদত এই চুক্তি গৃহীত হয়। নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে বুধবাৰে এই কথা ঘোষণা কৰে৷ এই পদক্ষেপক তেওঁ এক অগ্ৰগতি বুলি অভিহিত কৰে। একে সময়তে এই চুক্তিৰ দ্বাৰা তেওঁৰ দেশ কিমান লাভৱান হ’ব সেই কথাও বুজাই দিয়ে। কেৱল নিউজীলেণ্ডেই নহয়, এই চুক্তি ভাৰতৰ বাবেও লাভজনক। বুধবাৰে লাক্সনে এক্স পোষ্টত লিখিছে, “বহুতে মোক কৈছিল যে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্ভৱ নহয়। কিন্তু আজি সংসদত চূড়ান্ত ভোটত চুক্তিখন গৃহীত হ’ল। এই চুক্তি কাৰ্যকৰী কৰা হৈছে। এই ঐতিহাসিক চুক্তিৰ অৰ্থ হ’ল নিউজীলেণ্ডবাসীৰ বাবে অধিক চাকৰি আৰু আয়ৰ সুযোগ। নিউজীলেণ্ডৰ সামগ্ৰীৰ দুৱাৰ ১.৪ বিলিয়ন ভাৰতীয়ৰ বাবে মুকলি হ’ব।”
নিউজীলেণ্ডৰ সংসদে মুক্ত বাণিজ্য চুক্তিৰ সপক্ষে ৯৩টা ভোটদান কৰে। ২৯টা বিৰুদ্ধে পৰে। শাসকীয় নেচনেল পাৰ্টী আৰু মূল বিৰোধী দল লেবাৰ পাৰ্টী দুয়োটা দলে এই চুক্তিৰ সপক্ষে ভোটদান কৰে। ভাৰতৰ বাণিজ্য সচিব ৰাজেশ আগৰৱালাই মঙলবাৰে এই চুক্তিৰ ভৱিষ্যত সন্দৰ্ভত মুকলিকৈ কয়। তেওঁ কয় যে ভাৰতে এই চুক্তিখন “যথাসম্ভৱ সোনকালে” কাৰ্যকৰী কৰিব বিচাৰে। অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব পাৰে এই চুক্তি। নিউজীলেণ্ডৰ সংসদে মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ এই মন্তব্য।

যেতিয়া দুখন দেশে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰে তেতিয়া তেওঁলোকে বেছিভাগ সামগ্ৰী শুল্কমুক্ত বা নামমাত্ৰ শুল্কত আমদানি আৰু ৰপ্তানি কৰাৰ সুযোগ পায়। এই ক্ষেত্ৰত ভাৰত আৰু নিউজীলেণ্ডে সেই সুযোগ পাব। আশা কৰা হৈছে যে এই চুক্তিয়ে বস্ত্ৰ, চামৰাৰ সামগ্ৰী, জোতা, ৰত্ন, গহনা আৰু প্ৰচেছড খাদ্যকে ধৰি বিভিন্ন উদ্যোগত কৰ্মসংস্থাপন সৃষ্টি কৰাত সহায় কৰিব।
এএনআইৰ মতে, এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী অৰ্থনৈতিক সম্পৰ্ক আৰু বিনিয়োগৰ সহযোগিতা আৰু অধিক গভীৰ হ’ব। নিউজীলেণ্ডে আগন্তুক ১৫ বছৰত ভাৰতত ২০ কোটি ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই চুক্তিৰ ফলত কেইবাটাও সামগ্ৰীৰ শুল্ক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আনহাতে, কিছুমান সামগ্ৰীৰ শুল্কৰ হাৰ শূন্য হ’ব পাৰে। দুয়োখন দেশে কৃষি খণ্ডতো সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
বিশেষজ্ঞসকলে দাবী কৰিছে যে ভাৰতে অৱশেষত নিউজীলেণ্ডৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিৰ দ্বাৰা লাভৱান হ’ব। শুল্ক ৰেহাইৰ বাবে নতুন দিল্লীয়ে অনাগত দিনত নিউজীলেণ্ডলৈ ৰপ্তানি বৃদ্ধি কৰাৰ সুযোগ পাব। ইয়াৰ উপৰি চৰকাৰে এফ টি এৰ জৰিয়তে দেশলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ অনাৰ সুযোগ লাভ কৰিব। ইয়াৰ দ্বাৰা উন্নত প্ৰযুক্তি আহিব। দেশত কৰ্মসংস্থাপনৰো সৃষ্টি হ’ব।













