![]()
কৰিমগঞ্জৰ ত্ৰিপুৰাৰ প্ৰৱেশদ্বাৰত ৪৮ কোটি টকাৰ কফ চিৰাফ জব্দ(Cough syrup Sized)। কৰিমগঞ্জৰ চুৰাইবাৰী আৰক্ষীয়ে তিনিখন পৃথক ল’ৰিৰ পৰা প্ৰায় ৪৮ কোটি টকাৰ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। যোৱা মঙলবাৰৰ বিয়লিৰ পৰা নিয়মিতভাৱে তিনিখন পৃথক বাহনত তালাচী চলাই এই বৃহৎ সফলতা অৰ্জন কৰে ।

৬ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ প্ৰতিদিনে শ শ সামগ্ৰী বাহন ত্ৰিপুৰাত প্ৰৱেশ কৰে। আৰক্ষীয়ে মাজতে নিয়মীয়াকৈ তালাচী চলাই ড্ৰাগছৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল। এইক্ষেত্ৰত চুৰাইবাৰী আৰক্ষী অতি সক্ৰিয়। প্ৰথমে দুপৰীয়া দুই বজাত চুৰাইবাৰীত শ্বিলঙৰ পৰা আগৰতলালৈ যোৱা বাৰচকীয়া WB11D-4702 গাড়ীখনৰ তালাচী চলোৱাৰ লগে লগে গাড়ীখন আহি পোৱাৰ লগে লগে ৩৩৩ কাৰ্টন কফ চিৰাফ জব্দ কৰা হয়।
বাকী দুখন বাহন সন্ধিয়া সাত বজাত জব্দ কৰে। WB29B-5386 নম্বৰৰ দ্বিতীয়খন বাৰচকীয়া বাহনখনো একেদৰেই নাকা পইণ্টত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে আটক কৰে । এই মাদক চিৰাপসমূহ পৰিবহণৰ বিভিন্ন খুচুৰা সামগ্ৰীত লুকুৱাই ৰখা হয়। ইয়াৰ উপৰিও শেষৰখন দহচকীয়া কণ্টেইনাৰ বাহন এনএল০১এএফ নম্বৰৰ পৰা বাসত্তৰটা কাৰ্টনত মুঠ ১১৫২০ বটল আৰু ২০১ কাৰ্টুনত ৩২১৬০ বটল আৰু আন বাহনৰ পৰা একেলগে ৫৯৬ কাৰ্টনত মুঠ ৯৫৩৬০ কফ চিৰাফৰ বটল জব্দ কৰা হয়।
ইনচাৰ্য প্ৰণৱ মিলিয়ে কয় যে , উক্ত কফ চিৰাফৰ ক’লা বজাৰৰ মূল্য ৪৭ কোটি ৭ লাখ ৮০হাজাৰ টকা। উল্লেখ্য যে প্ৰথম দুখন গাড়ীৰ পৰা দুজন চালক ভৱেশ কুমাৰ (৩৮) আৰু সমীনুৰ ইছলাম (৩৬)ক গ্ৰেপ্তাৰ কৰে । ইফালে, তৃতীয়খন গাড়ীৰ চালকজনে সুযোগ গ্ৰহণ পলাই যায়।উল্লেখযোগ্য যে ,ইমান বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ কফ চিৰাফ আগতে ক’তো ধৰা পৰা নাছিল।কৰিমগঞ্জ আৰক্ষীৰ এনে সফলতাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে।













