![]()
আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যুতিথি । এই মৃত্যুতিথি সমগ্ৰ ৰাজ্যতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হৈছে । বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে । তেওঁ আছিল একেধাৰে অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু । জীৱিতকালতেই তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল।

কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেওঁৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই তদানীন্তন হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল । আনহাতে, বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিবুধ কলিতা । তেওঁ ১৯৬৯ চনৰ ২১ জুনত ‘দৈনিক অসম’ত বিষ্ণু ৰাভাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি এই অভিধাটো ব্যৱহাৰ কৰিছিল ।
বিষ্ণু ৰাভাৰ জন্ম হৈছিল বেঙ্গল প্ৰেছিডেন্সিৰ (বৰ্তমানৰ বাংলাদেশ) ঢাকাত । তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা । জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল । পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি গ্ৰহণ কৰে ।

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ পূৰ্বেই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয় । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ।
বিষ্ণু ৰাভাই ১৯২৮ চনত কলিকতাৰ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আইএছছি উত্তীৰ্ণ হয় । ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁক চেণ্টপল’ কলেজৰ পৰা বহিষ্কাৰ কৰা হয় । পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে । কিন্তু ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত আৰক্ষীৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত ভৰ্তি হয় । ছাত্ৰাৱস্থাৰ পৰায়ে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰচিপিআই বা ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগ দিয়ে ।
ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন’ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত ‘সংগীত আৰু শ্ৰীশ্ৰীশংকৰদেৱৰ গায়ন’ নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহু জনপ্ৰিয় হৈ পৰিছিল । এই প্ৰবন্ধটো আৱাহন আলোচনীত প্ৰকাশ পাইছিল ।
ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কবিতা সেই বিখ্যাত কবিতাটি লিখিছিল-
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদাৰাজ্যেৰ যদি মঙ্গল চাওঁ
দুইটি পাঠাই বলি দাওঁ।”
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল বিষ্ণু ৰাভাই । তাতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে ।১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে । ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয় আৰু ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ বিষ্ণু ৰাভাই আত্মগোপন কৰে । সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেওঁৰ মূৰৰ মূল্য দহ হেজাৰ টকা ঘোষণা কৰিছিল ।
১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জে’ললৈ যায় ।
বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, নৃত্য, চিত্ৰকলা আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে । ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে । ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ত সন্নিবিষ্ট হৈছে । গীতসমূহত প্ৰেম, প্ৰকৃতি, ঐতিহ্য, সৰ্বহাৰৰ মুক্তিকামী বিপ্লৱীভাব আদি ভিন্ন ধৰণৰ বিষয়বস্তু প্ৰকাশ পাইছে । কিছু সংখ্যক শিশু উপযোগী গীতো আছে ।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী নাটকত বিষ্ণু ৰাভাই ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ শীৰ্ষক গীতটি প্ৰাণঢালি গাইছিল । তেওঁৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত ।
অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত । ঢাকা নগৰত মঞ্চস্থ এখন নাটকত প্ৰথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল । নাটকখনৰ নাম আছিল হৰিশ্চন্দ্ৰ । তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল । তেখেতৰ অভিনীত ছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ । ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰত ৰাভাই ‘ভজলুং ককা’ৰ ভাও আৰু প্ৰতিধ্বনি ছবিত খাচী চিয়েমৰ ভাও দিছিল ।
বিষ্ণু ৰাভা এগৰাকী নিপুণ চিত্ৰকৰ আছিল । তেওঁ বৰপেটাত শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল । বিষ্ণু ৰাভাই শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল । এখন ১৯৩৫ চনত, এখন ১৯৪০ চনত আৰু আনখন আঁকিছিল ১৯৪৫ চনত । বিষ্ণু ৰাভাই অংকন কৰা আন ছবিসমূহৰ ভিতৰত আছে- চিত্ৰলেখা (১৯৩৫), নটৰাজ (১৯৩৭), স্নান (১৯৩৩), শকুন্তলা (১৯৩৯), গৰমৰ দিনৰ তিৰোতা (১৯৪০), বড়োসকলৰ বিবাহ সমদল (১৯৪৪), ভূমিকম্প (১৯৫০), গাঁৱৰ প্ৰাকৃতিক দৃশ্য (১৯৬৫) আদি। ‘বাঁহী’, ‘আমাৰ প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল ।
১৯৪৬ চনত বিষ্ণু ৰাভা আনুষ্ঠানিকভাৱে ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ (আৰচিপিআই) সদস্য হয়। ৰাভাই ঐতিহাসিকভাৱে নিপীড়িত শ্ৰেণীটোৰ জাগৰণৰ দিশত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰি অঞ্চলটোৰ প্ৰতিটো চুক-কোণ ভ্ৰমণ কৰি গৃহহীন জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে । সাম্যবাদত ৰাভাই সেইসকল দুখীয়া অসমীয়া কৃষকৰ মুক্তিৰ পথ দেখিছিল যিসকলে নিজৰ সামন্তৰ দ্বাৰা অহৰহ অত্যাচাৰৰ বলি হৈছিল আৰু জাতীয়তাবাদী নেতাসকলে পৰিত্যাগ কৰিছিল।
তেওঁ নিশ্চিত আছিল যে ভাৰতীয় বুৰ্জোৱা শ্ৰেণীয়ে আকাংক্ষা কৰা স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয় যি দৰিদ্ৰ আৰু নিপীড়িতসকলক সম্পূৰ্ণ মুক্তিৰ দিশত আগুৱাই লৈ যাব। সেয়ে ১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল, তেতিয়া বিষ্ণু ৰাভাৰ নেতৃত্বত এটা সমদলে ক’লা পতাকা লৈ ‘য়ে আজাদি ঝুঠা হ্যে, চিৰ্ফ চামৰা কা বদল’ বুলি চিঞৰিছিল ।
১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দলত (চিপিআই) যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে । নিৰ্বাচনত ৰাভাৰ পৰাজয় হয় । ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জে’ললৈ পঠোৱা হয় । ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে । ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয়বৰণ কৰে ।
বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে ১৯৩৭ চনৰ ২২ ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয় । পত্নী শোকত বিহ্বল হৈ ৰাভাই লিখিছিল-
‘‘পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা। ‘’
তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল। ১৯৫০ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়। কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভাৰ দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা ।১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা ২.২৫ বজাত তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভাই মৃত্যুক সাবটি লয় । পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয় ।













