![]()
হজলৈ গৈ মৃত্যুমুখত (Haj pilgrims died)পৰিলে গোলাঘাটৰ ছাইফুদ্দিন আহমেদ। জিলাখনৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা লগতে অৱসৰপ্ৰাপ্ত বেংক পৰিচালক ছিৰাফুদ্দিন আহমেদ দ্বিতীয়বাৰৰ বাবে চৌদি আৰবৰ মদিনাৰ হজলৈ গৈছিল আৰু তাতেই সতীৰ্থ সকলৰ সৈতে ধ্যানত মগ্ন হৈ থকাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুমুখত পৰে।

ততাতৈয়াকৈ সতীৰ্থসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁক চিকিৎসকলে মৃত ঘোষণা কৰে। ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা ছাৰিফুদ্দিন আহমেদে মুছলিম সমাজ কল্যাণ পৰিষদৰ কোষাধ্যক আৰু হজৰত আজান পীৰ জাকাত পুঁজিৰ কাৰ্যকৰী সভাপতি ৰূপে সেৱা আগবঢ়াইছিল।
তেওঁ মৃত্যুৰ সময়ত এজন চিকিৎসক পুত্ৰ আৰু এগৰাকী জীয়াৰীকে ধৰি বোৱাৰী তথা নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায় । পৰিয়ালবৰ্গই জানিবলৈ দিয়া অনুসৰি, তেওঁ মৃত্যু বৰণ কৰা আৰৱৰ পবিত্ৰ মাটিতেই তেওঁক সমাধিস্থ কৰা হ’ব। ছিৰাফুদ্দিন আহমেদৰ মৃত্যুত কেইবাটাও দল-সংগঠনে শোক প্ৰকাশ কৰে।













