
কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan)ত পুণৰ সন্দেহযুক্ত হেৰ’ইন (Heroin)সহ দুটা সৰবৰাহকাৰী আটক (Smuggler arrested) হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি প্ৰায় ২:৩০ বজাত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে দুজন অচিনাকি যুৱকক লাহৰিজান হনুমান মন্দিৰ অঞ্চলৰ ওচৰৰ আশে-পাশে ইফালে সিফালে ঘূৰি ফুৰা অৱস্থাত প্ৰত্যক্ষ কৰে৷ দুটা সৰবৰাহকাৰীক তালাচী চলাই সৰবৰাহকাৰী দুটাৰ পৰা ৪ টা চাধা টেমা আৰু ২২ টা প্লাষ্টিকৰ চাধা টেমাৰ সাঁফৰ উদ্ধাৰ কৰে৷

চাধা টেমা আৰু সাঁফৰসমূহৰ ভিতৰত থকা অৱস্থাত আৰক্ষীয়ে মুঠ ৫৯.৬৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (59.67 grams of heroin recovered) কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আৰক্ষীয়ে হোজাই জিলাৰ কামপুৰৰ লালচম আলীৰ পুত্ৰ আইনুল হক (২২) বছৰ আৰু মৰিগাওঁ জিলাৰ আলিটাঙনিৰ ইব্ৰাহিম আলীৰ পুত্ৰ এনামুল আলী (১৮) বছৰক আটক কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত এক গোছৰ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷













