![]()
গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় এটি শিশু আৰু দুগৰাকী মহিলাৰ(In Hyderabad Morning walk turns tragic after speeding car kills mother, daughter)। হায়দৰাবাদৰ সংঘটিত হয় এই দুৰ্ঘটনা। সমগ্ৰ ঘটনাটো চিচি টিভি কেমেৰাত ধৰা পৰে। তাত দেখা গৈছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হত্যাকাৰী গাড়ীখন তীব্ৰ বেগত আছিল। ফলত তিনি প্ৰাতভ্ৰমণকাৰী নিহত হয়।

চিচি টিভিৰ ফুটেজত দেখা গৈছে এখন ৰঙা ৰঙৰ গাড়ী দ্ৰুতগতিত গৈ আছে। কিন্তু টার্ন এটা লোৱাৰ সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ইয়াৰ পিছত গৈ তিনিজন পথচাৰীক খুন্দা মাৰে। পথচাৰীক খুন্দা মৰাৰ পিছতে গাড়ীখনে এডাল গছত খুন্দা মাৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, তিনিওজন লোকৰ থিতাতে মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানো আছে। শান্তীনগৰ কলনীৰ বাসিন্দা তেওঁলোক। গাড়ীৰচালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
উল্লেখযোগ্য যে যোৱা মে’ মাহতো হায়দৰাবাদত সংঘটিত হৈছিল একেধৰণৰ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন গাড়ীয়ে। তাত তিনিজন লোকৰ মৃত্যু হয়। আহত হয় ৮ জন লোক। গাড়ীখন নিজাম্পেটৰ পৰা অʼচেন পাৰ্কলৈ গৈ আছিল।











