ASSAM TIMES POST,বোকাখাতঃ কাজিৰঙাত ক্ৰমাৎ পৰিবৰ্তন ঘটিছে বানাৱস্থাৰ। কাজিৰঙাৰ পানী শুকাবলৈ লৈছে। বৰ্তমান সময়লৈ প্ৰাপ্ত বাতৰি মতে কাজিৰঙাৰ সৰ্বমুঠ ছটা ৰেঞ্জৰ মুঠ ১৯৯ টা বন শিবিৰৰ ৯৮ টা এতিয়াও জলপ্লাৱিত হৈ আছে আৰু ৯ টা বন শিবিৰক স্থানান্তৰ কৰা হৈছে। যোৱা ১৩ জুলাইৰ পৰা এতিয়ালৈকে চলন্ত বাহনৰ আগত পৰি আৰু পানীত ডুবি হাতী, গঁড়, হৰিণা, বন গাহৰি, কেটেলা পহু, পানী ম’হকে ধৰি ৬৮ টা বন্য জীৱৰ মৃত্যু ঘটিছে। তাৰে ভিতৰত ৬ টা গঁড়ও আছে। ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি অনা ৫৮ টা বন্যাৰ্ত জীৱৰ শুশ্ৰূষা আৰু চিকিৎসাৰ অন্তত ৪৩ টা জীৱ জন্তুক মুকলি কৰি দিছে আৰু ২ টা গঁড়কে ধৰি মুঠ ১১ টা বন্য জীৱ বৰ্তমানেও চিকিৎসাধীন আৰু শুশ্ৰূষাধীন হৈ আছে। যোৱা ১৬ জুলাইত বান বিধ্বস্ত কাজিৰঙাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই কাজিৰঙাত হাইলেণ্ড নিৰ্মাণৰ দ্বাৰা বন্য জীৱৰ আশ্ৰয়-স্থল সফলতাৰে গঢ়ি তোলাৰ বাবে সন্তোষ প্ৰকাশ কৰে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিগত সপ্তাহটোত অঞ্চলটোৰ ৯৫ শতাংশ বুৰাই পেলাই বাসিন্দা সকলৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি জলপ্লাৱিত কৰি সাধাৰণ জীৱন আৰু খেতি তথা পশুধনৰো বিস্তৰ ক্ষতি সাধন কৰি তচনচ কৰাৰ লগতে জীৱকুলৰো অৱস্থা কাহিল কৰি পেলাইছিল। এতিয়া এই অচলাৱস্থাৰ কিছু পৰিৱৰ্তন ঘটিছে। কাজিৰঙা অঞ্চলৰ ২ নং ডোমজান, বিলপাৰ, ভোগীবঢ়ানী, বেজগাঁও, শ’লমাৰী, মিহিমুখ, দ-গাঁও, বচাগঁৱৰ ৰাষ্ট্ৰীয় ঘাঁইপথৰ উত্তৰ পাৰৰ অংশ বিশেষ, কঁহৰাৰ ওপৰিও ডিফলু পথাৰ, তামুলী পথাৰ, শুকানী গাঁও আদি গাঁও সমূহৰ বিস্তীৰ্ণ এলেকা বানৰ সংহাৰী ৰূপত বিধ্বস্ত হৈ পৰিছিল। এতিয়াও অৱশ্যে আশ্ৰয় শিবিৰত বান-শৰণাৰ্থীসকল আৱদ্ধ হৈ থাকিব লগীয়া হৈছে। চৰকাৰ আৰু বিভিন্ন বে-চৰকাৰী সংস্থা সমূহৰ পৰা পোৱা খাদ্য আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ সাময়িক বান সাহায্যৰে শৰণাৰ্থী সকলৰ জীৱন যাপন হৈছে সঁচা, কিন্তু বানৰ পিছৰচোৱা সময়ৰ পুনঃসংস্থাপনৰ প্ৰশ্নই এতিয়া হাহাকাৰ হৈ ঘেৰি ধৰি আছে সেইসকল বন্যাৰ্তক। তদুপৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে লোৱা বিভাগীয় তৎপৰতা সন্তুষ্টিজনক যদিও পশুধনৰ বাবে কৰ্তৃপক্ষই কোনো ধৰণৰ বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। যদিও মহকুমা প্ৰশাসনৰ বা বন প্ৰাধিকাৰী বিভাগৰ তৰফৰ পৰা পশুধনলৈ খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে, সেয়া পৰ্যাপ্ত হোৱা নাই বুলি বন্যাৰ্ত সকলে অভিযোগ কৰিছে।

জানিব পৰা মতে এটা বন্যাৰ্ত বাঘে আশ্ৰয় ল’বলৈ গৈ কাজিৰঙাৰ উপকণ্ঠ অঞ্চলৰ গাঁৱৰ বাসিন্দাৰ বাৰীত সোমাই মানুহৰ জীৱনলৈ আতংকৰ সৃষ্টি কৰিছে। এই বাতৰি লিখাৰ সময়লৈকে এই বিষয়ে অধিক বিশদ তথ্য পোৱা হোৱা নাই। কিন্তু বিগত সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰুদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰই এনে ক্ষেত্ৰত দেখুওৱা তৎপৰতাৰ পৰা আশা কৰিব পাৰি যে এইবাৰো এই বাঘটোক উদ্ধাৰ কৰিব নহ’লে কাজিৰঙাৰ দক্ষিণ পাৰৰ কাৰ্বি পাহাৰলৈ পঠিওৱাৰ সঠিক ব্যৱস্থা কৰিব। আনহাতে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আহি বোকাখাতত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’ব বুলি জানিব পৰা গৈছে।












