![]()
আজি অমৃত ভাৰত ষ্টেছন আঁচনিৰ (Amrit Bharat Station Scheme)অধীনত দেশৰ ৫০৮ টা ৰেলষ্টেচন সৈতে ডিফু ৰেল ষ্টেচনৰ পুণৰ উন্নতিকৰণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আজি দিনৰ ভাগত ডিফু ৰেল ষ্টেচন চৌহদত এক আকৰ্ষণীয় অনুষ্ঠানৰ জৰিয়তে তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আন ৫০৮ টা ৰেল ষ্টেচনৰ লগতে ডিফু ৰেল ষ্টেচনৰো উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ হৰেণছিং বে’, ডিফু আৰু হাওৰাঘাট জনজাতীয় সমষ্টিৰ বিধায়কদ্বয় বিদ্যাচিং ইংলেঙ আৰু দৰছিং ৰংহাঙ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ ভাৰপ্ৰাপ্ত ইএম ৰিতেশ ইংহি লগতে ৰেলৱেৰ ডিভিজনেল পাৰ্চনেল বিষয়া, সিদ্ধাৰ্থ ৷ উপস্থিত ৰাইজক অসমত পুণৰ উন্নতিকৰণ হব লগীয়া বিশ্বমানৰ অত্যাধুনিক ৰেল ষ্টেচনৰ আৰ্হি চলচিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰোপৰি আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজেতা সকলক পুৰষ্কৃত কৰা হয় ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বে’ই সাধাৰণ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ ডিফুত আধুনিক মানৰ ৰেল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাৰ্বত্য জিলাবাসীৰ হৈ কৃতজ্ঞতা জ্যাপন কৰে ৷ প্ৰায় ৩২ কেটি টকা ব্যয় সাপেক্ষে পুণৰ নিৰ্মান হবলগীয়া ডিফু ৰেলষ্টেচনৰ বাবে আজি এক উল্লেখনীয় দিন বুলি কয় সাংসদ গৰাকীয়ে ব্যক্ত কৰে ৷
আনহাতে কৰণা কালত ডিফু ৰেল ষ্টেছনত ৰাজধানী এক্সপ্ৰেছৰ বন্ধ হৈ পৰা ষ্টপেজ পুণৰ আৰম্ভ কৰিবলৈ আৰু বৰলাংফেৰ ৰেল ষ্টেছনত এটা ফ্লাই অভাৰ নিৰ্মান কৰিবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰীক পত্ৰযেগে ব্যক্তিগতভাবে অনুৰোধ জনেৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সাংসদ হৰেণছিং বে’ই ৷ আনহাতে ৰেলৱেৰ ডিভিজনেল পাৰ্চনেল বিষয়া সিদ্ধাৰ্থই সাংবাদিকৰ আগত কয়যে, অমৃত ভাৰত ৰেল ষ্টেছন আঁচনিৰ জৰিয়তে ডিফু ৰেলষ্টেছনত অত্যাধুনিক ব্যৱস্থা উপলব্ধ হব, তাৰে ভিতৰত মাল্টি লেভেল পাৰ্কিঙ, পৰিপাৰ্শিক বৃক্ষ , দিব্যাংগ সকলৰ বাবে বিশেষ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা, বিমান বন্দৰত উপলব্ধ হোৱা অত্যাধুনিক সকলো ব্যৱস্থা থাকিব বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷












