![]()
অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিজেপিৰ অ’বিচি মৰ্চাৰ পৰা সদ্য অপসাৰিত নেতা লাচিত গগৈ (Lachit Gogoi)। আজি বোকাজান মহকুমা ন্যায়িক (Bokajan Sub-Divisional Judicial) দণ্ডাধীশৰ আদালতে খটখটি আৰক্ষী থানাৰ গোচৰ নং ৩০/২৩ ভাৰতীয় দণ্ডবিধি ১২০/বি, ৪২০, ৩৮৪, ৫০০ আৰু ৫১১ ধাৰাত ৰুজু হোৱা গোচৰত জামিন প্ৰদান কৰে লাচিত গগৈক (Bail granted to Lachit Gogoi)।
বিজেপি নেতা লাচিত গগৈ আৰু ছাত্ৰ নেতা মিলন বুঢ়াগোহাঁইৰ মাজত চুপাৰি ছিণ্ডিকেট (Supari Syndicate)লৈ হোৱা বাৰ্তালাপ হৈছিল সমাজিক মাধ্যমত ভাইৰেল (Conversation goes viral on social media)।

উল্লেখযোগ্য যে লাচিত গগৈ ২১ জুলাইৰ পৰা ডিফু ন্যায়িক জিম্মাত আছিল ডিফু কাৰাগাৰত। যোৱা ২ আগষ্টত ডিফু চি জে এম আদালতে ডিফু থানাৰ ৭৯/২৩ নম্বৰৰ গোচৰত জামিন প্ৰদান কৰিছিল লাচিত গগৈক ৷ দুয়োখন আদালতৰ পৰা জামিনত মুক্তহৈ আজি সন্ধিয়া ডিফু কাৰাগাৰত আৱদ্ধ হৈ থকা বিজেপি নেতা লাচিত গগৈ মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল৷ মুকলি আকাশৰ তললৈ আহিয়েই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লাচিত গগৈয়ে কয় যে, তেওঁৰ বিৰৱদ্ধে গভীৰ ষড়যন্ত্ৰ কৰা হৈছে ৷ সময়ত সকলো স্পষ্ট হৈ পৰিব৷ আইনক তেওঁ গোচৰটোৰ ক্ষেত্ৰত আইনে বিচৰা ধৰণেই সহযোগ কৰিছে৷ অচিৰেই তেওঁ এটা গোচৰ দিব বুলি মন্তব্য কৰে৷












