![]()
সাৱধান! দুৰ্বৃত্তৰ তীক্ষ্ণ দৃষ্টি পথচাৰী জনতাৰ কষ্টোপাৰ্জিত ধনৰ ওপৰত ৷ যিকোনো মূহুৰ্ততেই আপোনাৰ লগত থকা কষ্টোপাৰ্জিত ধনসমূহ কৌশলেৰে লুটি নিয়াৰ বাবে ৰাজপথত সক্ৰিয় হৈ আছে দুৰ্বৃত্ত৷ উল্লেখ যোগ্য যে ৰাজ্যত চিলনী চোৰে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে আজি দিন দুপৰতে বকলীয়াঘাটত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি দিন-দুপৰতে বকলীয়াঘাটত শিক্ষকৰ গাত খজুৱতিৰ ঔষধ চতিয়াই চোৰে লুটিলে ১ লাখ ২০ হাজাৰ টকা৷ বকলীয়াঘাটৰ এল পি স্কুলৰ শিক্ষক ছিম তেৰাঙে (Sim Terang, a teacher at LP School in Bakliaghat) SBI বকলীয়াঘাট শাখাৰ পৰা উক্ত ধন উলিয়াই বজাৰ কৰিবলৈ আহোতেই উক্ত ঘটনাটো সংঘটিত হয় ৷
বেংকৰ পৰাই নিৰিক্ষণ কৰি অহা চোৰে বকলীয়াঘাট বজাৰত শিক্ষকজনৰ গাত খজুৱতিৰ ঔষধ চটিয়াই (Sprinkling itching medicines on the teacher’s Body) দিয়ে৷ খজুৱটিত দিক-বিদিক হেৰুৱাৰ সময়তে শিক্ষকজনৰ মোনা সহিতে চোৰে লক্ষাধিক টকা লৈ পলাই (Thieves flee with lakhs ) সাৰে৷ বকলীয়াঘাট আৰক্ষীয়ে সম্প্ৰতি ঘটনাটোক লৈ অভিযান অব্যাহত ৰাখিছে৷












