
বোকাজান মহকুমাৰ খটখটীত (Khatkhati of Bokajan) যোৱা ১৬ আগষ্টত বুজন পৰিমান ৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰৰ পিছত আজি পুণৰ উদ্ধাৰ হৈছে সন্দেহযুক্ত হেৰ’ইন (Seized in heroin)৷ কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷ কিন্তু আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতো অসম-নাগালেণ্ড সীমান্তত থমকি ৰোৱা নাই ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীসকল৷ নিতৌ মৰসাহ কৰি অব্যাহত ৰাখিছে বৰবিহ সদৃশ নিচাযুক্ত ড্ৰাগছৰ বেহা৷

আজি জিলা ASP (নিৰাপত্তা) জন দাসৰ এক গোপন খবৰৰ ভিত্তিত নিৰ্দেশ মৰ্মে খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ নেতৃত্বত আৰু এএছপি জন দাসৰ তত্বাৱধনাত এছআই (পি) স্বমধন স্বৰ্গীয়াৰী থানা ষ্টাফৰ সহযোগ লাহৰিজানত বাছবাৰীৰ জোস্না বেগমৰ বাসগৃহত অভিযান চলাই ৫৮.৮১ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ (58.81 gm suspected heroin recovered) কৰিবলৈ সক্ষম হয়৷

উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ’ইনখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে আৰক্ষীয়্ জব্দ কৰে৷ ড্ৰাগছখিনি মজুত ৰখাৰ লগত জড়িত হোজাই জিলাৰ ডবকা থানা অন্তৰ্গত সুতাৰ গাঁৱৰ নাছিৰউদ্দিনৰ পুত্ৰ দিলোৱাৰ হুছেইন (২৩) আৰু নাছিৰ উদ্দিনৰ পত্নী জ্যোছনা খাতুনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












