![]()
নিয়ন্ত্রণ হেৰুৱাই ইখনৰ পিছত সিখন গাড়ীত খুন্দা কন্টেইনাৰ ট্রাকৰ (Accident)। মুম্বাই-পুনে এক্সপ্রেছৱেত (Mumbai- Pune Expressway) সংঘটিত এই ভয়াৱহ দুর্ঘটনাত প্রাণ হেৰুৱালে ২ জন লোকে। আনহাতে, আহত একাধিক।

আৰক্ষী সূত্র মতে, ট্রাকখন পুনেৰ পৰা মুম্বাইলৈ গৈ আছিল। হঠাতে বিপৰীত পথত সোমাই যায়। তাৰ পিছত বেপৰোৱা গতিৰ ট্রাকখনে এখন দুখনকৈ ৫খন গাড়ীত খুন্দা মাৰে। দুর্ঘটনাটোত এখন মাৰুতি গাড়ী একেবাৰে চেপেটা হৈ যায়।
উক্ত গাড়ীখনৰ ভিতৰত থকা এগৰাকী মহিলা আৰু চালকে ঘটনাস্থলীতে প্রাণ হেৰুৱায়। গাড়ীখনত থকা আন দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, দুর্ঘটনাৰ আৰু এখন গাড়ীৰ আন দুই মহিলা যাত্রী আহত হয়। আহতসকলক উদ্ধাৰ কৰি স্থানীয় হস্পিটেলত ভর্তি কৰোৱা হয়।












