![]()
জোনবাইৰ দেশত খোজ পেলালে ভাৰতে। চন্দ্ৰযান-৩ৰ অভিযান( Chandrayaan-3 mission)সফল কৰি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে লেণ্ডাৰ বিক্রমে। সৃষ্টি হ’ল নতুন ইতিহাস। ইছৰোৰ কাৰ্যালয়ত আনন্দৰ জোৱাৰ।
আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদী ব্রিকছ সন্মিলনৰ পৰা পোনপটীয়াকৈ যোগ দিলে এই অনুষ্ঠানত। তেওঁ বৰ্তমান দক্ষিণ আফ্রিকাত আছে। বুধবাৰে তাৰ পৰাই তেওঁ বিক্রমৰ অৱতৰণ প্রত্যক্ষ কৰে। বিজ্ঞানীসকলক উৎসাহ যোগাবলৈ ইছৰোৰ পোনপটীয়া সম্প্রচাৰত যোগ দিয়ে তেওঁ।












