![]()
নতুন দিল্লীত অনুষ্ঠিত হʼবলগীয়া জি-২০ সন্মিলন (G-20 Summit)ত অংশগ্ৰহণ নকৰিব পাৰে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে (Chinese President Xi Jinping)। বৃহস্পতিবাৰে এই সম্ভাৱনা প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে। প্ৰকাশিত বাতৰি অনুসৰি, চি জিনপিঙৰ সলনি চীনৰ প্ৰধানমন্ত্ৰী লি কুইয়াঙে (Chinese Prime Minister Li Quiang) জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিব পাৰে।
উল্লেখযোগ্য যে অহা ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হʼব জি-২০ সন্মিলন। ইতিমধ্যে মস্কোৱে জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন উপস্থিত নাথাকে। সেই সময়ত জৰুৰী সামৰিক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰপতি পুটিনে জি-২০ সন্মিলনত শাৰীৰিকভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিব কোৱা হৈছে। তেওঁৰ সলনি দিল্লীলৈ আহিছে বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভ। আনহাতে, বৃহস্পতিবাৰে চিৰ সম্ভাৱ্য অনুপস্থিতিৰ বিষয়ে জানিব বিচৰাত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয় যে বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই।

অৱশ্যে চি জিনপিঙৰ সম্ভাৱ্য অনুপস্থিতি সন্দৰ্ভত বেইজিঙৰ তৰফৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক ‘বাৰ্তা’ অহা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে চি জিনপিঙে আলোচনাত অংশগ্ৰহণ কৰিছিল। তাৰ পিছত যোৱা মঙলবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে ২০২৩ চনৰ ষ্টেণ্ডাৰ্ড মেপ প্ৰকাশ কৰে। উক্ত মানচিত্ৰত ভাৰতীয় ভূখণ্ড অৰুণাচল প্ৰদেশ আৰু আকছাই চিনক ‘চীনৰ অংশ’ হিচাপে দেখুওৱা হৈছে। এই সন্দৰ্ভত ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।











