ASSAM TIMES POST
নিউজ ডেস্ক
১৪৪ ধাৰা ভংগৰ শপত লৈ বৃহস্পতিবাৰে দিনটো আৰম্ভ হৈছিল৷ সেই শপতৰ পৰাই আহিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ৷ উত্তাল হ’ল ৰাজধানী দিল্লীসহ কমেও ১০খন ৰাজ্যৰ ১৩খন চহৰ৷ চলিল আৰক্ষীৰ গুলী৷ ফলত মাংগালুৰুত ২জন আৰু লক্ষ্ণৌত এজন লোক গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰে৷
আনহাতে, সমগ্ৰ দেশজুৰি আটক তথা গ্ৰেপ্তাৰ হয় বহু লোক৷ বাংগালুৰুত নতুন নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰোঁতে প্ৰতিবাদস্থলীৰ পৰাই আটক কৰা হয় দেশৰ প্ৰসিদ্ধ ইতিহাসবিদ ৰামচন্দ্ৰ গুহক৷ দিল্লীত আটক হয় সীতাৰাম য়েছুৰী, ডি ৰাজা, নীলোৎপল বসু, বৃন্দা কাৰাট, যোগেন্দ্ৰ যাদৱ, ওমৰ খালিদৰ দৰে নেতাসকল৷

ইফালে সাম্প্ৰতিক পৰিস্থিতি সম্পর্কত উদ্যোগপতি ৰাহুল বাজাজে কেন্দ্ৰী গৃহমন্ত্ৰী অমিত শ্বাহক কয়, “প্ৰকাশ্যে আপোনালোকক সমালোচনা কৰাৰ প্ৰয়োজন হ’লে আপোনালোকে যে সেইটো ভালভাৱে ল’ব, সেই আত্মবিশ্বাস আমাৰ নাই৷”













