![]()
চৰাইদেউ জিলাৰ (Charaideo) সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী কাকতীবাৰীত নামঘৰত সংঘটিত হৈছে এক দুখজনক ঘটনা। নামঘৰৰ প্ৰসাদ খাই ২৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৷

ঘটনা সন্দৰ্ভত শেহতীয়াকৈ জানিব পৰা মতে, কাকতীবাৰীৰৰ দা-ধৰা গাঁৱৰ নামঘৰত যোৱা বৃহস্পতিবাৰে লখিমী সবাহ আয়োজন কৰিছিল আৰু এই সবাহৰ প্ৰসাদ গাঁৱৰ সকলো ৰাইজে নামঘৰত ভক্ষণ কৰাৰ পাছত পিছদিনাৰ পৰা দুই-একৰ পেটৰ বিষ, বমি আদি হ’বলৈ আৰম্ভ কৰে ৷ কিন্তু শুক্ৰবাৰে নিশা আৰু শনিবাৰে দিনটোত অঞ্চলটোৰ বহু লোক পেটৰ ৰোগ, মূৰৰ বিষ, বমি আদিত আক্ৰান্ত হোৱাৰ ফলত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰা হয়।
প্ৰথম অৱস্থাত এই ৰোগৰ উৎস উলিয়াব পৰা নাছিল যদিও নামঘৰত লখিমী সবাহৰ প্ৰসাদ খোৱা লোকসকলৰহে এই বেমাৰ হৈছে বুলি দেখিবলৈ পোৱাত বিষক্ৰিয়া হোৱাৰ কথা ঠিৰাং কৰা হয় ৷ সম্প্ৰতি সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামাৰিক চিকিৎসালয়কে আদি কৰি সোণাৰিৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত খাদ্যত বিষক্ৰিয়া হৈ শিশু-মহিলাসহ মুঠ ২৫ জন চিকিৎসাধীন অৱস্থাত আছে ।
চিকিৎসাধীন লোকসকল হ’ল ক্ৰমে— অনুপমা গগৈ(৪৮), প্ৰজ্ঞান গগৈ (৩.৫), ফুলেশ্বৰ বৰগোহাঁই(৬০), সঞ্জয় চেতিয়া (৪০), বুলন গগৈ (৬০), টংকেশ্বৰ বৰগোহাঁই (৬৫), পৰিস্মীতা বৰগোহাঁই (৮) , মীনা দিহিঙীয়া (৬০), পদ্মেশ্বৰ গগৈ (৬০), হিমাংশু দিহিঙীয়া (২), তুলুমণি দুৱাৰা (২৭), লক্ষ্যজিৎ চেতিয়া (২.৫), প্ৰতীভা হাতীমূৰীয়া (৫০), ফুল চেতিয়া (৬৫), জোনমণি চেতিয়া (৪৩), পোনা হাতীমূৰীয়া (৫৮), নৱমী দিহিঙীয়া (৪০), মায়া বৰগোহাঁই (৬০) , সত্যজিৎ বৰুৱা (১৭), জ্যোতি গগৈ (৪৭), যুগদা গগৈ (৫০), প্ৰতীমা গগৈ (৩৭), খগেন হাতীমূৰীয়া (৪৬), তুলেশ্বৰ পহুছুঙী (৬০), হৰি বৰগোহাঁই (৪৭), নিৰঞ্জন গগৈ (১২), বাস্তৱ বৰগোহাঁই (১৫), ইলু বৰগোহাঁই (৩৬), চিংকি দিহিঙীয়া (১৬) আৰু মেঘালী দিহিঙীয়া (১৬) ৷ইয়াৰে বহুকেইজনৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলিও জানিব পৰা গৈছে।













