ASSAM TIMES POST
নিউজ ডেস্ক
দুই বিশ্বযুদ্ধয়ো ম্লান কৰিব পৰা নাছিল নোট্ৰডামৰ বৰদিনৰ উৎসৱ৷ কিন্তু বিগত এপ্ৰিল মাহৰ ভয়াৱহ অগ্নিকাণ্ডৰ পিছত এইবাৰ বৰদিনৰ প্ৰাৰ্থনা বন্ধ ৰখা হৈছে পেৰিছৰ এই ঐতিহাসিক গীৰ্জাটোত৷ বিগত দুই শতাব্দীত যিটো হৈছে প্ৰথম!
আনহাতে, ২৪ ডিচেম্বৰৰ নিশা প্ৰতি বছৰৰ দৰে এইবাৰ লাইট জ্বলোৱা নহ’ব ৮৫৫ বছৰ পুৰণি এই গীৰ্জাৰ অগ্নিদগ্ধ প্ৰকাণ্ড হলটোত৷ অৱশ্যে গীৰ্জাৰ ৰেক্টৰ পেট্ৰিক ছোভে জনোৱামতে, নোট্ৰডামৰ ‘আত্মা’ক বচাই ৰখাৰ বাবে বৰদিন উপলক্ষে প্ৰাৰ্থনাৰ আয়োজন কৰিছে তেওঁলোকে৷ ইয়াৰ বাবে নোট্ৰডামৰ এমাইলৰ ভিতৰত অন্য এটি গীৰ্জাত সমবেত হ’ব সকলোৱে৷ তাত নোট্ৰডামৰ দৰেই উপাসনাৰ বাবে কাঠৰ প্লেটফৰ্ম তৈয়াৰ কৰা হৈছে৷ তাত কোনো এটা চিহ্ নদি নোট্ৰডামক তেওঁলোকৰ সৈতে জড়িত কৰি ৰখাৰ চেষ্টা কৰা হৈছে৷
উল্লেখ্য যে চলিত বছৰৰ ১৫ এপ্ৰিলত এক ভয়াৱহ অগ্নিকাণ্ডত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় নোট্ৰডাম৷ ভাঙি পৰিছিল গীৰ্জাৰ ধাতৱ মিনাৰৰ চূড়াটো৷ বহু মূল্যৱান শিল্পকৰ্ম জুইত পুৰি ছাই হৈ যায়৷ তাৰ পিছতেই কৰ্তৃপক্ষই ঘোষণা কৰে যে গীৰ্জাটো নতুনকৈ গঢ়ি তুলিবৰ বাবে আগন্তুক ৫-৬ বছৰ পৰ্যন্ত বন্ধ থাকিব এই গীৰ্জাটো৷
এমাহ পূৰ্বে ফৰাচী উদ্যোগ মন্ত্ৰণালয়ে জনাইছিল যে নোট্ৰডামক নকৈ সজাই তুলিবৰ বাবে এই পৰ্যন্ত এশ কোটি ইউৰো জমা হৈছে৷ অৱশ্যে নেট্ৰডামত কেনেদৰে জুই লাগিছিল সেই বিষয়টো নমাহ পিছতো পৰিষ্কাৰ হোৱা নাই৷













