ASSAM TIMES POST,গুৱাহাটীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি কিছু উন্নত হোৱাৰ বিপৰীতে জীৱ-জন্তুৰ মৃত্যুৰ পৰিমাণ বৃদ্ধি হৈয়েই আছে। উদ্যানখনৰ ডিএফঅ’ কাৰ্যালয়ৰপৰা শেহতীয়াভাৱে লাভ কৰা তথ্য অনুসৰি এতিয়ালৈকে বানৰ ফলত ১৪১ টা বন্যপ্ৰাণীৰ প্ৰাণহানি হৈছে। ইয়াৰ ভিতৰত যান-বাহনৰ খুন্দাত নিহত হোৱা বন্যজন্তুৰ সংখ্যা ১৬ টা। এইদৰে মৃত্যু হোৱা জন্তুসমূহৰ ভিতৰত ১৫ টা সুগৰী পহু আৰু এটা হ’ল হৰিণ। ইফালে বানপানীত ডুবি মৃত্যু হোৱা ১০৯ টা জন্তুৰ ভিতৰত ১১ টা গড়। সমান্তৰালভাৱে বন্যপ্ৰাণী পুনঃসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ চমুকৈ চিডব্লিউআৰচিৰ যত্নৰ অধীনলৈ আহোতেই ৫ জন্তুৰ মৃত্যু হয়। আনহাতেদি শনিবাৰে সন্ধিয়ালৈকে বন বিভাগৰ লোক, চিডব্লিউআৰচিৰ দল আৰু স্থানীয় লোকৰ ঐক্যবদ্ধ প্ৰচেষ্টাত ৬৪ টা জন্তু উদ্ধাৰ কৰা যায়। উদ্যানখনত জলপৃষ্ঠ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ কথা ডিএফঅ’ কাৰ্যালয়ে সদৰী কৰি শেহতীয়াভাৱে ১৪২ ছেমি হৈছে বুলি কয়।












