
শুকুৰবাৰে বিয়লি প্রায় ৪ বজাত এগৰাকী বৃদ্ধ ব্যক্তিয়ে দৈনিক খোজকঢ়াৰ দৰে আজিও খোজ কাঢ়িবলৈ ওলাই আহি কৰুণভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

ডিফু (Diphu) পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ নিবাসী প্রাক্তন আৰক্ষী বাহিনীৰ কৰ্মচাৰী তথা অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি কণপাই পাটৰ (৮৫) নামৰ ব্যক্তিগৰাকীয়ে দৈনিক খোজকঢ়াব দৰে আজিও ওলাই আহি পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখ পাওতে অকস্মাতে এটা সৌৰশক্তিৰ খুঁটা তেওঁৰ গাত বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে পাটৰ। ঘটনাৰ তথ্য লাভ কৰি তেওঁৰ পুত্রই ডিফু চিকিৎসা মহাবিদ্যালয়লৈ তেওঁক লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
উল্লেখ্য যে এক-দুই বছৰ পূর্বে নির্মিত এই পথৰ সৌৰশক্তিৰ খুঁটা এইদৰে বাগৰি পৰা ঘটনাত আশ্বর্য প্রকাশ কৰি স্থানীয় জনতাই এয়া অতি নিম্নমানদণ্ডৰ কামৰ নমুনা বুলি অভিহিত কৰিছে। জ্যেষ্ঠ ব্যক্তিজনৰ এনে কৰুণ মৃত্যুয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।













