
আগ্ৰা-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত ঘন কুঁৱলীৰ ফলত বিপদাপন্ন হৈছে পথচাৰী। উত্তৰ প্ৰদেশৰ (Uttar Pradesh) উন্নাওৰ সমীপত সংঘটিত এক দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৫ জন আহত হয়। বুধবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱায় এখন ডাবল ডেকাৰ বাছে।

ফলত কমেও ৬ খন বাহনৰ মাজত সংঘৰ্ষ হয়। থিতাতে মৃত্যু হয় এজন যাত্ৰীৰ। ঘটনাস্থলীৰ পৰা ২৪ জন লোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে ৬ জনৰ অৱস্থা সংকটজনক হোৱাত লক্ষ্ণৌৰ ট্ৰমা কেয়াৰ চেণ্টাৰলৈ স্থানান্তৰ কৰা হয়।
বুধবাৰে পুৱা অত্যন্ত ঘন কুঁৱলীৰ বাবে উত্তৰ ভাৰতত দৃশ্যমানতা শূন্য হৈ পৰে। কুঁৱলীৰ বাবে বিঘ্নিত হৈ পৰে ১১০খন বিমান চলাচল।
উত্তৰ ৰে’লৱেই জনোৱা মতে, দিল্লী অভিমুখী কমেও ২৫খন ৰে’ল গন্তব্যস্থান পোৱাত পলম হয়। দিল্লীৰ ছফদাৰজঙত দৃশ্যমানতা আছিল মাত্ৰ ২৫ মিটাৰ। দিল্লীৰ বিভিন্ন প্ৰান্তত অৱশ্যে দৃশ্যমানতা অত্যন্ত দুৰ্বল আছিল। দিল্লীৰ বাহিৰেও হাৰিয়ানা, পঞ্জাব, উত্তৰ প্ৰদেশৰ দৃশ্যমানতা আছিল বিপদজনক স্তৰত। হাৰিয়ানাৰ হিছাৰ আৰু কৰ্ণালত দৃশ্যমানতা আছিল ২৫ মিটাৰ আৰু আগ্ৰা, বাৰেলী আৰু ভাটিণ্ডাত শূন্য।
বেৰেলী-চুলতানপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ঘৰত খুন্দা মাৰে এখন ট্ৰাকে। অৱশ্যে কোনো লোক হতাহতিৰ খবৰ পোৱা হোৱা নাই। দিল্লীৰ বায়ুৰ গুণাগুণো আছিল অত্যন্ত দুৰ্বল। বায়ুৰ মান আছিল ৩৮১। দিল্লীৰ সৰ্বনিম্ন উষ্ণতা ৭ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। সৰ্বোচ্চ উষ্ণতা আছিল ২৪ ডিগ্ৰী।











