ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon College I অৱসৰৰ দিনটোত গুণমুগ্ধই শ্ৰদ্ধা আৰু স্নেহেৰে উপচাই পেলালে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীক

জিতেন বৰকটকী:নগাঁও

News Desk by News Desk
December 31, 2023
Reading Time: 1 min read
A A
0
Nagaon College I অৱসৰৰ দিনটোত গুণমুগ্ধই শ্ৰদ্ধা আৰু স্নেহেৰে উপচাই পেলালে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীক

RELATED POSTS

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

“মই শিক্ষকতাৰ সুধা পান কৰিছোঁ। আচলতে মই অধ্যক্ষ হিচাপে পৰিচয় দিৱ নুখুজো। মই নিজকে শিক্ষক হিচাপে পৰিচয় দি সন্ত্তষ্টি লভো। আজি মোক জনোৱা সন্মানটো এজন শিক্ষকক জনোৱা সন্মান।” এই মন্তব্য নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সদ্য অৱসৰী অধ্যক্ষ ড: শৰৎ বৰকটকীৰ (Principal Dr. Sharat Barkatki)।

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে সুদীৰ্ঘ ১২ টা বছৰ সুচাৰুৰূপে অতিবাহিত কৰা ড: শৰৎ বৰকটকীয়ে আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা উপলক্ষে নগাঁও মহাবিদ্যালয় (Nagaon College) (স্বতন্ত্ৰ )ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত ‘নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ অধ্যক্ষৰ শেষ ভাষণ” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত নিজৰ বক্তব্য প্ৰদান কৰি ড: বৰকটকীয়ে কয় : “ডাঙৰ অনুষ্ঠানত সৰু মন কেতিয়াও থাকিব নোৱাৰে। সেয়ে মনবোৰ ডাঙৰ কৰিবই লাগিব। আমি মানুহৰ কাৰণে কাম কৰিব লাগিব।”

অৱসৰৰ দিনটোত গুণমুগ্ধই শ্ৰদ্ধা আৰু স্নেহেৰে উপচাই পেলালে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীক
অৱসৰৰ দিনটোত গুণমুগ্ধই শ্ৰদ্ধা আৰু স্নেহেৰে উপচাই পেলালে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীক

আনহাতে সৃজনশীলতাই হৈছে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বুলি মন্তব্য আগবঢ়াই ড: বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীলতা সৃষ্টিৰ বাবে আত্ম উৎসৰ্গা কৰিবৰ বাবে শিক্ষক সকলক আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ কৰ্তব্যৰ খাতিৰত সময়ে সময়ে গ্ৰহণ কৰা কঠোৰতাই যদি কৰোবাক আঘাত হানিছে তাৰ বাবে মাৰ্জনা বিচাৰে। ইপিনে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত গ্ৰহণ কৰা পদক্ষেপৰ লগতে নগাঁও বিশ্ববিদ্যালয়ৰ আকৰ্ষণীয় পাঠ্যক্ৰমৰ বিষয়েও ড: বৰকটকীয়ে আলোকপাত কৰে।

উল্লেখ্য যে ১৯৮৬ চনৰ ১৬ আগষ্টত নগাঁও মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মত যোগদান কৰা ড: শৰৎ বৰকটকীয়ে ২০১২ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয় । মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড: ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘অসমীয়া প্ৰতিদিন টাইম’ চেনেলৰ মুখ্য সম্পাদক বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই “অভিনন্দন ড: শৰৎ বৰকটকী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।

আনহাতে নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ )ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীক মহাবিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী সকলে জনোৱা বিদায়ী অনুষ্ঠানৰ পৰিবেশ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰা বুলি বিশিষ্ট সাংবাদিক শইকীয়াই মন্তব্য কৰে ।

সাম্প্ৰতিক সময়ত পূৰ্বৰ গুৰু-শিষ্যৰ সম্পৰ্ক হেৰাাই যোৱা বুলি উল্লেখ কৰি সাংবাদিক শইকীয়াই এই অনুষ্ঠানটিক আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা মানবীয় অনুভূতিৰে জড়িত কৰ্ম বিলাকক এটা স্বীকৃতি দিয়া অনুষ্ঠান বুলি মন্তব্য কৰে । নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ পৰা আৰম্ভ কৰি ড: শৰৎ বৰকটকীলৈকে প্ৰতিগৰাকী অধ্যক্ষৰ ত্যাগ আৰু সেৱাৰ ফলশ্রুতিত নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ )ই বৰ্তমানৰ অৱস্থাত উপনীত হোৱা বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে আজিৰ দিনটো ড: শৰৎ বৰকটকীৰ বাবে এফালে হেৰুৱাৰ দিন আৰু আনফালে প্ৰাপ্তিৰ দিন বুলি উল্লেখ কৰি নিতুমণি শইকীয়াই কয় যে ড: বৰকটকী অন্তৰ্মুখী ব্যক্তি হলেও ছাত্ৰ-ছাত্ৰী আৰু সমাজক প্ৰভাৱিত কৰিব পৰা তেওঁৰ এক শক্তিশালী ব্যক্তিত্ব আছে।

অনুষ্ঠানত অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড: সৌমাৰজ্যোতি মহন্ত,সাধাৰণ সম্পাদক ড: ৰঞ্জন কলিতা, অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড: জয়ন্ত বৰুৱা, নগাঁও মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: চিন্তামনি শৰ্মা, বিশিষ্ট অধিবক্তা আলোক গোস্বামী, বিশিষ্ট শিল্পী কুইন দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ড: শৰৎ বৰকটকীৰ ব্যক্তিত্ব আৰু কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিবেশন কৰে।

ইপিনে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ছাত্ৰ একতা সভাকে ধৰি ভালেসংখ্যক অনুষ্ঠান আৰু ব্যক্তিয়ে ড: শৰৎ বৰকটকীক বিদায় সম্ভাষন জনায়। আনহাতে আজি পুৱা নগাঁও মহাবিদ্যালয় প্ৰবেশ দ্বাৰৰ পৰা গুৰু বন্দনাৰে বিদায়ী অধ্যক্ষ ড: শৰৎ বৰকটকী আৰু অতিথি বৃন্দক আদৰি অনা দৃশ্য আছিল অতিকৈ মনোমোহা। অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ লণ্ডনস্থ বিশিষ্ট পৰিৱেশ বিজ্ঞানী জগন্নাথ বিশ্বকৰ্মাকে প্ৰমুখ্য কৰি ভালেসংখ্যক প্ৰাক্তন ছাত্র, বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক, কৰ্মচাৰী আৰু শুভাকাংক্ষী উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NagaonCollegeনগাঁওমহাবিদ্যালয়
Share8Tweet5Send

Related Posts

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

by News Desk
September 15, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
55
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
53
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
55
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d