ASSAM TIMES POST
গুৱাহাটী : অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকা সময়তে শনিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী৷ ৰাহুল গান্ধীয়ে বি জে পি চৰকাৰক কঠোৰ সমালোচনা কৰে৷ লগতে এই আন্দোলন প্ৰতিৰোধৰ নামত চৰকাৰে গ্ৰহণ কৰা নীতিক সমালোচনা কৰে৷

গুৱাহাটীৰ খানাপাৰাত হোৱা ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে ভাষণত অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰিবলৈ বি জে পিক দিয়া নহ’ব বুলি উল্লেখ কৰে৷ আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহাৰৰ দাবীত হোৱা আন্দোলনৰ শ্বহীদ ছেম ষ্টেফ’ৰ্ড আৰু দীপাঞ্জল দাসৰ বাসগৃহত ৰাহুল গান্ধী উপস্থিত হয়৷
দিল্লী অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা প্ৰাক্তন সভাপতি, সাংসদ ৰাহুল গান্ধীয়ে “কা” আন্দোলনৰ ৫ ছহিদৰ পৰিয়ালক দুই লাখকৈ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।
ৰাহুল গান্ধীক বিদায় জনোৱাৰ পিছতেই বিমান বন্দৰৰ পৰা পোনে পোনে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱট, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনকে ধৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই শ্বহীদ দিপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ডৰ ঘৰলৈ গৈ দুই লাখকৈ টকা প্ৰদান কৰে। কাইলৈ ৰাৱটৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই ওডালগুৰি আৰু ভৱানীপুৰলৈ গৈ আন দুজন ছহিদৰ পৰিয়ালক আৰু দুদিন পিছত ডিব্ৰুগড়লৈ গৈ আনজন ছহিদৰ পৰিয়ালক দুই লাখকৈ টকা













