ASSAM TIMES POST
গুৱাহাটী : “সংগ্রাম চলাই লৈ আমি জয় আই অসম কৈ যাম। অসম নামৰ মা জনীৰ লগত ‘নৌ কম্প্রমাইজ’। দেশ- জাতি মা জনী সকলোতকৈ ডাঙৰ আনকি মোৰ জীৱনতকৈও ডাঙৰ। ৰাইজে যুদ্ধ নেৰিব”-ৰাইজলৈ এই গুৰুত্বৰ আহ্বান বীৰ লাচিত সেনা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ। চিআইডি হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান চিআইডিৰ জিম্মাত থকা সংগ্রামী নেতা গৰাকীক শনিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ বিশেষ আদালতত হাজিৰ কৰোৱা সময়ত এই আহ্বান জনায় ৰাইজলৈ।
আনহাতে শৃংখলক আদালতত হাজিৰ কৰোৱা সময়ত পুত্ৰক সাহস দিবলৈ শিৱসাগৰ পৰা আদালতৰ আহি আদালতৰ চৌহদত উপস্থিত থাকে মাতৃ। ‘কাঁ’ বিৰোধিৰ আন্দোলনত জনতাৰ মাজত শক্তি শালি কণ্ঠ হিচাপে থিয় হৈ চিআইডিৰ হাতত বন্দীত্ব জীৱন পাৰ কৰিব লগা হোৱা ৩০বছৰীয়া সন্তান শৃংখলক সাহস প্ৰদান কৰি মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয় “মনৰ দৃঢ়তা হেৰুৱাব নালাগে। দেশৰ বাবে সংগ্রাম কৰি এই অৱস্থা হৈছে”। লগতে তেওঁ কয় “আমাৰ পৰিয়ালতোৱেই এটা সংগ্রামী পৰিয়াল। শৃংখলৰ দেউতাকো বিভিন্ন সময়ত জাতিৰ সংগ্রামত জড়িত হৈ নেতৃত্ব দিছিল। পিতৃৰ পথকে পুত্ৰ এতিয়া অনুসৰণ কৰিছে”।
ইফালে শনিবাৰে আদালতে পুনৰ শৃংখল চলিহাক আৰু দুটা দিনৰ বাবে চিআইডি জিম্মালৈ প্ৰদান কৰে।পুনৰ শৃংখলক হাজিৰ কৰোৱা অহা হব ৩০ ডিচেম্বৰত।













