
শনিবাৰে বিয়লি বোকাজান মহকুমাৰ পুৰনা লাহৰিজানত অবৈধ বাৰ্মিজ চুপাৰিসহ (Illegal Burmese supari seized in Lahrijan) এজন সৰবৰাহকাৰী আটক (Smuggler arrested) কৰা হয়৷ আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকাত আৰক্ষীয়ে জব্দ কৰে অবৈধ বার্মিজ চুপাৰিৰ গাড়ী।

চুপাৰিৰ বস্তাসমূহ এএছ-০১-এনচি-৫১২৮ নম্বৰৰ এখন ট্রাকেৰে সৰবৰাহৰ চেষ্টা কৰা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছে। ট্রাকখনত এক সুকীয়া গোপন চেম্বাৰ বনাই তাত বার্মিজ চুপাৰিখিনি ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে নি থকা অৱস্থাত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়াৰ নেতৃত্বত পুৰনা লাহৰিজান আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকা তালাচীত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰিখিনি।

এই সন্দৰ্ভত ডিলাই আৰক্ষীয়ে ইতিমধ্যে বার্মিজ চুপাৰিসহ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মহম্মদ আৰিফুল ইছলাম (৩১) নামৰ চালকজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।













