![]()
বুধবাৰে পোৱা 10.30 মান বজাত এক বিশেষ সূত্ৰৰ ভিত্তিত বোকাজান (Bokajan) মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্ম, C-20-CRPF বাহিনীৰ Assistent কমাণ্ডেণ্ট ৰবি গিলৰ যৌথ প্ৰচেষ্টাত লাহৰিজান (Lahorijan) তহলদাৰী আৰক্ষী নাকা তালাচীত চলোৱা অভিযানত ৯ টা চাবোনৰ বাকচত 124.35 গ্ৰাম হেৰ’ইন উদ্ধাৰ (Heroin Recovered) কৰিবলৈ সক্ষম হয়।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আনুমানিক 10 লাখৰো অধিক হ’ব বুলি জানিবলৈ দিছে। ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত মণিপুৰৰ কাংপকপি জিলাৰ থাংমিনলেন খংচাই নামৰ এটা সৰবৰাহকাৰী আটক কৰাৰ কথা জানিব দিয়ে আৰক্ষীয়ে।
সৰবৰাহকাৰীটোৱে জব্দকৃত ড্ৰাগছখিনি অতি কৌশলেৰে বাহনখনৰ পাছফালে এটা চাউল ভৰ্তি বস্তাত লুকুৱাই সৰবৰাহৰ চেষ্টা চলোৱাৰ কথা আৰক্ষীয়ে সদৰী কৰিছে।বৰ্তমান আৰক্ষীয়ে সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।













