ASSAM TIMES POST
ডিব্ৰুগড় : ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে সমগ্ৰ ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে ডিব্ৰুগড়টো আছুৰ নাগৰিকত্ব সংশোধনী আইনক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হয়।এই কলা আইনক লৈ ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ থানাচাৰিৰ ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাংগণত ডিব্ৰুগড় জিলা ছাত্র সন্থাই আজি পুৱা পাঁচ বজাৰ পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰে।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ উদ্যোগত আজি অনুষ্ঠিত উক্ত অনশন কাৰ্যসূচীত অনান্য জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে সক্ৰিয় অংশগ্ৰহণ কৰে।
সংশোধনী নাগৰিকত্ব আইনৰ বিৰুদ্ধে সমবেত প্ৰতিবাদী ৰাইজে বিভিন্ন শ্ল’গান আৰু বিপ্লবী জাতীয় গীতেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।লগতে বিজেপি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে বিভিন্ন প্লে-কাৰ্ড, শ্ল’গান আৰু গীত-মাতেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।আনহাতে অনশন স্থলিতে মুখ্যমন্ত্ৰী সোনোৱালৰ বিৰুদ্ধে লিখি উলিওৱা এটা গীতো পৰিবেশন কৰা হয়।সংশোধনী নাগৰিকত্ব বিধেয়ক কোনো কাৰণতে মানি লোৱা নহব বুলি নতুন বছৰৰ প্ৰথম দিনটোত পুনৰ সকলো প্ৰতিবাদী ৰাইজে সঁকীয়াই দিয়ে।

অসম যাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজ্যিক সম্পাদক উদয়ন কুমাৰ গগৈয়ে কয় যে এই জাতিধ্বংসী আইন কোনো ক্ষেত্ৰতেই মানি লোৱা নহব।অসমৰ ওপৰত এনে কলা আইন জাপি দিয়া সকল,অসম আৰু অসমীয়াৰ চিৰ বৈৰী।যিসকলে অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিক হেয় জ্ঞান কৰিছে,সেই সকলক ইতিহাসে কেতিয়াও ক্ষমা নকৰে। মুঠৰ ওপৰত এই কলা আইন বাতিল হবই লাগিব,সেয়া স্পষ্ট কথা বুলি দৃঢ়তাৰে কয় যুৱ নেতাগৰাকীয়ে।
অন:শনত স্থলীত চি পি আই এম এলৰ প্ৰনৱ শইকীয়াৰ উদ্দাত্ত ভাষণ,অসম মেডিকেল কলেজৰ ডা: প্ৰনয় ফুকনৰ কবিতাৰ আবৃতি আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা তথা ডিব্ৰুগড়ৰ সুৰভী সাহিত্য কুটীৰৰ স্বত্বাধিকাৰী শ্ৰীকান্ত ভৰালীৰ ভাষণে সকলোকে মোহিত কৰে।
আছুৰ এই অন:শন স্থলীত জিলাখনৰ সকলো জনগোষ্ঠীয় সংগঠন,কৃষক মুক্তি সংগ্ৰাম সমিতি,টাই আহোম যুৱ পৰিষদ,গোৰ্খা ছাত্ৰ সন্থাৰ লগতে একাধিক জাতীয় সংগঠনে অংশগ্ৰহন কৰে।ইফালে আজি বছৰৰ আৰম্ভণি দিনটোতে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে বহু অথন্তৰৰ সন্মুখীন হব লগাত পৰে।
ডিব্ৰুগড় থানাচাৰিত কলা আছুৰ লগতে বহু প্ৰতিবাদকাৰীয়ে কলা পতাকা প্ৰদৰ্শন কৰে বিধায়ক প্ৰশান্ত ফুকনক।ডিব্ৰুগড় থানা চাৰিআলিত আছুৱে গ্ৰহণ কৰা অনশন কাৰ্যসূচীৰ সময়ত বিধায়কৰ গাড়ী পাৰ হবলৈ ধৰা সময়তে এই ঘটনা সংঘটিত হয়।অৱশ্যে এই প্ৰতিবাদৰ সময়তে থানাচাৰিআলিত ট্ৰেফিক চিগনেল উলংঘা কৰিও তৰা-নৰা চিঙি তীব্ৰ বেগেৰে পলায়ন কৰে বিধায়ক ফুকন।













