
কেন্দ্ৰৰ বিজেপি চৰকাৰে শেহতীয়াভাৱে সৌৰশক্তিৰ (Solar energy) ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ডাঙৰ ঘোষণা (Narendra Modi’s big announcement) কৰিছে। ‘পিএম সূৰ্য ঘৰ’ (PM Surya Ghar) নামৰ এক বিনামূলীয়া বিদ্যুৎ আঁচনি (Free Electricity Scheme ) আৰম্ভৰ কথা ঘোষণা কৰা হৈছে। এই আঁচনিৰ অধীনত যিসকল দৰিদ্ৰ লোকৰ ঘৰত এতিয়াও বিদ্যুৎ সংযোগ হোৱা নাই, তেওঁলোকক প্ৰতিমাহে ৩০০ ৱাটৰ বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। এই কামত ৭৫ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আৰম্ভ হ’ব দেশবাসীক সুবিধা প্ৰদান কৰিবলৈ। দেশৰ এক কোটি দৰিদ্ৰ লোকৰ বাবে এই আঁচনি প্ৰস্তুত কৰা হৈছে।” ইয়াৰ ফলত দেশৰ দুর্গম গাঁওসমূহত বিদ্যুৎ প্রৱেশ হ’ব বুলি প্রধানমন্ত্রীয়ে কয়৷ পৰম্পৰাগত শক্তিৰ উৎসৰ পৰা আঁতৰি আহি ভাৰতে অগতানুগতিক শক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব।
ফলত পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপৰি সাধাৰণ মানুহে বহু সুবিধা লাভ কৰিব। এটা লিংক শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, যিসকলে প্ৰথমে আবেদন কৰিব তেওঁলোকক প্ৰথম সুযোগ দিয়া হ’ব। দেশৰ বহু দূৰ্গম গাঁৱত এতিয়াও বিদ্যুতৰ সমস্যা। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰিকল্পনা উক্ত সমস্যা সমাধানৰ বাবেই হাতত লোৱা হৈছে।











