
প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা উজনি অসমৰ অন্যতম শক্তিশালী সংগঠন গ্ৰাছ, বোকাখাত (গ্ৰীণ ৰিভলিউশ্যনাৰী এডমায়াৰেবল চিৰিণ চচাইটি)-এ মানৱ কল্যাণৰ বাবেও সেৱা আগবঢ়াই আহিছে। আজি ফেব্ৰুৱাৰীত গ্ৰাছ, বোকাখাতৰ উদ্যোগত আৰু বোকাখাতৰ স্বেতা-সংগীতা হেল্থ কেয়াৰৰ সহযোগত বোকাখাত জ্যেষ্ঠ নাগৰিক ভৱনত গ্ৰাম্যাঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ বছৰজোৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়।

পুৱা ১০ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য পৰীক্ষাৰ সুবিধাৰ্থে যোৰহাটৰ পৰা অহা পাঁচ জনীয়া দল এটাৰ সহযোগত বোকাখাতৰ বিশিষ্ট চিকিৎসক ডাঃ অপূৰ্ব কুমাৰ শৰ্মাই ৫০ গৰাকীৰো অধিক জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰে।
উল্লেখ্য যে চৰকাৰী চাকৰিৰ দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে বিভিন্ন সময়ত বোকাখাতৰ গ্ৰাম্যাঞ্চলত দৰিদ্ৰ আৰু আৰ্তজনলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই অহাৰ লগতে নিজৰ দৰমহাৰ ত্ৰিশ শতাংশ দুখীয়া ৰোগীৰ বাবে খৰচ কৰা মানৱ দৰদী তথা গ্ৰাছৰ অন্যতম উপদেষ্টা ডাঃ অপূৰ্ব কুমাৰ শৰ্মা এগৰাকী আদৰ্শ চিকিৎসক।

স্বাস্থ্য পৰীক্ষা শিবিৰত গ্ৰাছৰ সভাপতি, সম্পাদক অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰা, গ্ৰাছৰ বোকাখাত মৌজাৰ সভাপতি প্ৰমোদ ঘোষকে আদি কৰি উদ্যোক্তা সংগঠনটোৰ উপদেষ্টা সকল, বিষয় ববীয়া আৰু সদস্য সকল, অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, বোকাখাতৰ সভাপতি, সম্পাদক আনিছুৰ ৰহমান আৰু নিৰঞ্জন শইকীয়াৰ লগতে বিষয় ববীয়া, সদস্য সকল আৰু বোকাখাতৰ ছপা, বৈদ্যুতিন মাধ্যমৰ একাংশ সাংবাদিক, বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আদি উপস্থিত থাকে। স্বাস্থ্য পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে গ্ৰাছৰ সভাপতি, সম্পাদক অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰাই ডাঃ অপূৰ্ব কুমাৰ শৰ্মাৰ লগতে সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।













