ASSAM TIMES POST
গুৱাহাটী : গুৱাহাটী মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে জনসাধাৰণৰ পৰা অধিক মুনাফা অৰ্জনৰ বাবে নিতৌ চেষ্টা অব্যাহত ৰাখিছে৷ ৰাইজে এই সন্দৰ্ভত চৰকাৰ আৰু জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি আহিছে৷
শেহতীয়াকৈ খাদ্য আৰু যোগান বিভাগে গুৱাহাটী মহানগৰীৰ বেলতলা বজাৰত এক অভিযান চলাই ৰাইজৰ প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে বেলতলা বজাৰখন সপ্তাহত দুদিনকৈ বহে৷ বৃহস্পতিবাৰে বিভাগটোৱে চলোৱা অভিযানত বিক্ৰেতাসকলৰ অনিয়ম ধৰা পেলায়৷ বিভাগটোৱে আলু আৰু পিঁয়াজৰ মূল্য সন্দৰ্ভত চলোৱা অভিযানত খুচুৰা বিক্ৰেতাসকলে কৰা মূল্য বৃদ্ধিত কঠোৰ পদক্ষেপ লয়৷

বজাৰখনত খুচুৰা বিক্ৰেতাসকলে পিঁয়াজ প্ৰতি কিলোগ্ৰামত ৯০ টকাৰ পৰা ১০০ টকাত বিক্ৰী কৰি আছে৷ ইয়াৰ লগে লগে বিভাগটোৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে৷ এই অভিযান কালতে খুচুৰা বিক্ৰেতাৰ পৰা ২০০ কিলোগ্ৰাম পিঁয়াজ উদ্ধাৰ কৰি কাষৰ সুলভ মূ্ল্যৰ দোকানত বিক্ৰী কৰিবলৈ দিয়ে৷
উল্লেখ্য যে সুলভ মূল্য দোকানত পিঁয়াজ ৭০ টকাত বিক্ৰী কৰা হৈছে৷ মন কৰিব লগা যে জিলা প্ৰশাসনে পিঁয়াজৰ দাম প্ৰতি কিলোগ্ৰামত ৭১ টকাকৈ নিৰ্দ্ধাৰণ কৰি দিয়াৰ পাছতো খুচুৰা বিক্ৰেতাসকলে অত্যধিক দামত পিঁয়াজ বিক্ৰী কৰি আছে৷ বিভাগটোৰ এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে৷













