ASSAM TIMES POST
নিউজ ডেস্ক: নতুন বছৰৰ প্ৰথমটো মাহৰ তৃতীয় সপ্তাহত চাৰিজন ভাৰতীয় পাইলটক ৰাছিয়ালৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হ’ব৷ বেংগালুৰুত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ভাৰতীয় মহাকাশ সংস্থা (ইছৰো) অধ্যক্ষ কে শিবনে৷ ইছৰোয়ে জনোৱা মতে ২০২১-২২ চনত ভাৰতে ‘গগনযান’ৰ পৰিকল্পনা কৰিছে৷ কিন্তু বিভিন্নজনৰ মতে এই অভিযান ২০২০ চনলৈ আগুৱাই আনিব পাৰে৷ এই বছৰ ভাৰতে তৃতীয় চন্দ্ৰাভিযান, চন্দ্ৰযান-৩ৰ পৰিকল্পনা কৰিছে৷ অধ্যক্ষজনৰ মতে এই বছৰ দুটা অভিযান চলোৱাৰ সম্ভাৱনা আছে৷ সূৰ্য অভিযান আদিত্য এল ১ লৈয়ো ককালত টঙালি বান্ধিছে ইছৰোৱে৷ প্ৰাপ্ত তথ্য মতে ৬০০ কোটি টকা ব্যয়ৰে ভাৰতে চন্দ্ৰযান ৩ মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে৷











